নিউজ ডেস্কঃ দেশৰ নৱ নিযুক্ত মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে ১৫মে’ত ৰাজীৱ কুমাৰে দায়িত্বভাৰ গ্ৰহণ কৰিব। ১৪ মে’ত বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল চন্দ্ৰই অৱসৰ গ্ৰহণ কৰিব। ১৫মে’২০২২ ৰ পৰা ১৮ ফেব্ৰুৱাৰী ২০২৫ লৈকে ৰাজীৱ কুমাৰে মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিব।

ৰাজীৱ কুমাৰে ১৯৮৪ বৰ্ষত নিযুক্তি লাভ কৰা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ এগৰাকী দক্ষ বিষয়া। সুদীৰ্ঘ ৩৬বছৰৰো অধিক সময় জোৰা কাৰ্যকালত ৰাজীৱ কুমাৰে ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ত দক্ষতাৰে সেৱা আগবঢ়োৱাৰ লগতে তেওঁৰ নিজা কেডাৰ বিহাৰ আৰু ঝাৰখণ্ডতো কাৰ্যনিৰ্বাহ কৰিছিল।

লগতে পঢ়কঃপ্ৰমাণ পালে জোনমণি ৰাভাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব: নগাঁৱৰ আৰক্ষী অধ্যক্ষ

ৰাজীৱ কুমাৰ আইনৰ স্নাতকৰ লগতে ব্যৱস্থাপনাৰ স্নাতকোত্তৰ ডিপ্লোমা আৰু ৰাজহুৱা নীতি বিষয়ত স্নাতকোত্তৰ। তেওঁ সামাজিক খণ্ডৰ লগতে পৰিৱেশ আৰু বন, মানৱ সম্পদ, বিত্ত আৰু বেংকিং ক্ষেত্ৰত কাম কৰাৰ বিশেষ অভিজ্ঞতা অৰ্জন কৰে।

ৰাজীৱ কুমাৰে ২০২০চনৰ ফেব্ৰুৱাৰী মাহত ভাৰত চৰকাৰৰ বিত্ত বিভাগৰ সচিব হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। ইয়াৰ পিচত তেওঁক ‘ৰাজহুৱা প্ৰতিষ্ঠান নিয়োগ ব’ৰ্ড’ৰ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। বিগত সময়চোৱাত তেওঁ ২০১৫-১৭ চনলৈ ‘কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ’ৰ এষ্টাব্লিছমেণ্ট বিষয়া, ব্যয় বিভাগৰ যুটীয়া সচিব, তাৰ আগতে জনজাতি পৰিক্ৰমা মন্ত্ৰালয়, পৰিৱেশ আৰু বন মন্ত্ৰালয় তথা কেডাৰ ৰাজ্যৰ শিক্ষা বিভাগৰ বিষয়া হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply