নিউজ ডেস্কঃ ভাৰতীয় সংবিধানৰ ধাৰা ১৬৩ অনুযায়ী যদি কোনো ব্যক্তিক অপৰাধজনিত কামৰ বাবে মৃত্যুদণ্ড দিয়া হয় তেতিয়া হ’লে ফাঁচি প্ৰদান কৰা হয়। যিটো অতি কষ্টকৰ মৃত্যু তথা বেদনাদায়ক।

আজি উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ পি এছ নৰসিংহৰ নেতৃত্বৰ এক বিচাৰপীঠত আজি এই বিষয়টো লৈ এক শুনানি গ্ৰহণ কৰা হয়।

উচ্চতম ন্যায়ালয়ৰ দুয়োগৰাকী বিচাৰপীঠে ফাঁচি প্ৰদান কৰা বিষয়টোকলৈ আবেদনকাৰীৰ কথা বোৰ ভাল দৰে শুনে। তাৰ পিছত কেন্দ্ৰৰ হৈ উপস্থিত থকা এটৰ্নি জেনেৰেল আৰ ভেংকটৰমণীয়ক বিচাপৰীঠে প্ৰশ্ন কৰে যে, “কোনো ব্যক্তিক ফাঁচি প্ৰদান কৰা পিছত বিষয়া আৰু চিকিৎসকসকলে চৰকাৰক দাখিল কৰা প্ৰতিবেদন বোৰত কেতিয়াবা ফাঁচি প্ৰাপ্তজনে কষ্ট ভুগিছিল বুলি উল্লেখ আছে নেকি? আজিৰ দিনত ইয়াতকৈ ভাল উপায় আছে নেকি?” যদি আছে তেতিয়া হ’লে ইয়াক আলোচনা কৰি প্ৰতিবেদ দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

লগতে সৰ্বোচ্চ ন্যায়ালয়ে বিষয়টোৰ সন্দৰ্ভত কেন্দ্ৰক আলোচনা আৰম্ভ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ লগতে, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু বিশেষজ্ঞ চিকিৎসকসকলৰ এখন সমিতি গঠন কৰি এই সন্দৰ্ভত বৈজ্ঞানিক তথ্য যুগুত কৰিবলৈ কয়। পৰৱৰ্তী শুনানি গ্ৰহণ বাবে ন্যায়ালয়ে আজি ২ মে’ দিনটো ধাৰ্য কৰে।

শুনানিৰ সময়ত উপস্থিত থকা ঋষি মালহোত্ৰাই এক পুৰণি সিদ্ধান্তৰ কথা উল্লেখ কৰি কয় যে, ১৯৮৩ চনত দিনা বনাম ইউনিয়ন অৱ ইণ্ডিয়া গোচৰত উচ্চতম ন্যায়ালয়ে মৃত্যুদণ্ডৰ প্ৰক্ৰিয়াত ফাঁচি সঠিক উপায় হিচাপে বৰ্ণনা কৰিছিল। কিন্তু এতিয়া বহুসময় পাৰ হৈ গৈছে। ১৯৯৬ চনত উচ্চতম ন্যায়ালয়ে জ্ঞান কৌৰ বনাম পঞ্জাৱ গোচৰত শান্তিপূৰ্ণ আৰু সন্মানসহকাৰে মৃত্যু হোৱাটো জীৱনৰ অধিকাৰৰ এটা অংশ বুলি বৰ্ণনা কৰিছিল।

লগতে মালহোত্ৰাই কয়, ফাঁচি বিহা প্ৰক্ৰিয়াটো সম্পূৰ্ণ নিষ্ঠুৰ ৷ মালহোত্ৰাই আদালতত এই দৰে মন্তব্য কৰা পিছত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ইয়াক লৈ বিবেচনা কৰা হ’ব বুলি কয়৷

কম বেদনাৰ জৰিয়তে মৃত্যুৰ দিয়াৰ বিকল্পৰ আলোচনা মাজে সময়ে কৰা হৈছে । কিন্তু বিকল্পৰ আলোচনা বোৰো প্ৰায় একেই কষ্টদায়ক বুলি বিবেচিত হৈছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত মাৰাত্মক বেজীৰ দ্বাৰা দিয়া মৃত্যুদণ্ডও পিছত ই কষ্টকৰ বুলি বিবেচিত হৈছে, ন্যায়াধীশ পি এছ নৰসিংহই কয়।

ইপিনে, মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে, মাৰাত্মক বেজীও মৃত্যুৰ বাবে বেদনাদায়ক। যদি গুলিয়াই মৃত্যু বিহা হয় তেতিয়া হ’লে ই মানৱ অধিকাৰৰ উলংঘন কৰা হ’ব ৷

উল্লেখযোগ্য যে, যদিহে ফাঁচিতকৈ কম কষ্টৰ মৃত্যুদণ্ড দিয়াৰ ব্যৱস্থা প্ৰয়োগ কৰিব পাৰি তেতিয়া হ’লে ফাঁচি পৰৱৰ্তী পৰ্যায়ত অসাংবিধানিক হৈ পৰিব বুলি মুখ্য ন্যায়াধীশ গৰাকীয়ে কয়।

লগতে পঢ়ক – ডিব্ৰুগড় কাৰাগাৰলৈ আন এজন খালিস্তানীক স্থানান্তৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply