নিউজ ডেস্ক: বিগত চাৰিদিন ধৰি ৰাছিয়াই চলাই অহা আক্ৰমণে ইউক্ৰেইনক ধ্বংসস্তুপত পৰিণত কৰাৰ মাজতে দুয়োখন দেশে আলোচনাত বহিবলৈ মান্তি হৈছে।

আজি দেশখনৰ বেলাৰুছ সীমান্তৰ Chernobyl exclusion zone -ত ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত এখন উচ্চস্তৰীয় আলোচনাত মিলিত হ’ব।

দুয়োখন দেশেই উক্ত আলোচনাৰ বাবে সন্মতি প্ৰকাশ কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি Vladimir Putin -এ পাৰমাণৱিক আক্ৰমণৰ ভাবুকি দিয়াৰ পিছত ইউক্ৰেইনে আলোচনাৰ বাবে সন্মতি প্ৰকাশ কৰে।

উল্লেখযোগ্য যে ৰাছিয়াৰ সৈন্য বাহিনী মোতায়েন কৰি ৰখা বেলাৰুছত ইউক্ৰেইনে প্ৰথম অৱস্থাত আলোচনাত মিলিত হ’বলৈ অমান্তি হৈছিল যদিও ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি Volodymyr Zelensky আৰু বেলাৰুছৰ নেতা Alexander Lukashenko ৰ মাজত অনুষ্ঠিত বৈঠকৰ পিছতে ইউক্ৰেইনে আলোচনাৰ বাবে সন্মতি জনায়।

আনহাতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে আজি ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ সম্পৰ্কে আলোচনাৰ বাবে এখন অতি জৰুৰী সভা অনুষ্ঠিত কৰিব। ভাৰতে বিষয়টোত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভোটদানৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে যদিও দুয়োখন দেশৰ মাজত হ’ব লগা আলোচনাৰ আদৰণি জনায়।

লগতে পঢ়ক- ধেমাজি মহাবিদ্যালয়ত সহকাৰী অধ্যপকৰ পদ খালী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply