নিউজ ডেস্ক: বিশ্বৰ অন্যতম সন্মানীয় আৰু শীৰ্ষ চলচ্চিত্ৰ পুৰস্কাৰ অস্কাৰ বঁটা প্ৰদানৰ অনুষ্ঠানত আজি ঘটা এক অকল্পনীয় ঘটনাই সৰ্বত্ৰে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। অস্কাৰ বঁটা প্ৰদানৰ অনুষ্ঠান চলি থকাৰ মাজতে হলিউডৰ বিখ্যাত অভিনেতা উইল স্মিথে মঞ্চত উঠি গৈ কৌতুক অভিনেতা ক্ৰিছ ৰকৰ গালত শোধাই প্ৰচণ্ড চৰ।

অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্যৰ তথ্যচিত্ৰৰ নাম ঘোষণা কৰিবলৈ অভিনেতা তথা ক্ৰিছ ৰক মঞ্চত অহাৰ সময়তে ঘটে উক্ত ঘটনাটো। দৰাচলতে কৌতুক অভিনেতা গৰাকীয়ে অভিনেত্ৰী তথা উইল স্মিথৰ পত্নী জেডা পিংকেট-স্মিথক লৈ কৰা এক ৰগৰত উত্তেজিত হৈ উইলে মঞ্চলৈ উঠি গৈ ৰকক চৰ শোধায়।

এল’পেচিয়াত আক্ৰান্ত অভিনেত্ৰী জেডা স্মিথৰ মূৰত চুলি নথকাক লৈ কৌতুকসূচক টিপ্পনী কৰি ক্ৰিছ ৰকে জেডাই “G.I. Jane” ছবিখনৰ ছিকুৱেলত অভিনয় কৰিব পাৰে বুলি কৈছিল আৰু ইয়াতে উইল খঙত অগ্নিশৰ্মা হৈ মঞ্চত উঠি গৈ ৰকক প্ৰহাৰ কৰে।

ঘটনাৰ আকস্মিকতাই অনুষ্ঠানত উপস্থিত সকলোকে চঁকিত কৰি তোলাৰ লগতে ছচিয়েল মিডিয়াটো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইতিমধ্যে অস্কাৰৰ বাকী সকলো তল পৰি উইল স্মিথে মৰা চৰৰ ভিডিঅ’হে বিভিন্ন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

অৱশ্যে পিছত নিজৰ কাণ্ডৰ বাবে অনুশোচনা প্ৰকাশ কৰি উইল স্মিথে মঞ্চত উঠি গৈ প্ৰদান কৰা এক আৱেগিক ভাষণত সকলোৰে ওচৰত ক্ষমা বিচাৰে।

লগতে পঢ়ক – হোজাইত ৩ কোটিতকৈ অধিক মূল্যৰ ড্ৰাগছ জব্দ, ২জনক আটক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply