ছিপাঝাৰ : ছিপাঝাৰত পুনৰ এক ভয়ংকৰ পথ দুর্ঘটনা। ছিপাঝাৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুর্ঘটনা। পথ দুর্ঘটনাটোত থিতাতে নিহত হৈছে এজন যুৱক।

দৰং জিলাৰ ছিপাঝাৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হৈছে। ছিপাঝাৰৰ মটৰ ষ্টেচনৰ কাষত এই ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হৈছে। দুর্ঘটনাত কৰুণা ডেকা নামৰ এজন যুৱক নিহত হৈছে।

লগতে পঢ়ক –  লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শিশুৰ আই চি ইউ কক্ষত অগ্নিকাণ্ড

এএছ-১২-ই-১৯৯২ নম্বৰৰ এখন তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিয়ে কৰুণা ডেকা নামৰ যুৱকজনৰ এএছ-০১-ইবি-৮৫৭৬ নম্বৰৰ মটৰ চাইকেলখন। আৰক্ষীয়ে দুর্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হৈছে। এই পথ দুর্ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply