নিউজ ডেস্ক: ২০২২-২৩ পৰ্যটন বৰ্ষত ৩ লাখ ১৭ হাজাৰৰো অধিক পৰ্যটকৰ কাজিৰঙা ভ্ৰমণ। ৰাষ্ট্ৰীয় উদ্যানখনে ২০২২-২৩ পৰ্যটন বৰ্ষত সংগ্ৰহ কৰিলে ৭ কোটি ৫৪ লাখৰো অধিক ৰাজহ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই প্ৰকাশ কৰা তথ্য মতে সদ্য সমাপ্ত পৰ্যটন বৰ্ষত কাজিৰঙালৈ অহা মুঠ ৩ লাখ ১৭ হাজাৰ ৬৩৮ গৰাকী পৰ্যটকৰ ভিতৰত বিদেশী পৰ্যটকৰ সংখ্যা ১০ হাজাৰ ৭৬৮ গৰাকী। আনহাতে এই পৰ্যটন বৰ্ষত কাজিৰঙাই ৰাজহ সংগ্ৰহ কৰিছে মুঠ ৭ কোটি ৫৪ লাখ ১৫ হাজাৰ ২৯৯ টকা।

উল্লেখ্য যে যোৱা পৰ্যটন বৰ্ষত কাজিৰঙালৈ আগমণ ঘটিছিল ২ লাখ ৪৮ হাজাৰ ৩৮৯ গৰাকী পৰ্যটৰ। আনহাতে ৰাজহ সংগ্ৰহ হৈছিল ৫ কোটি ৩৬ লাখ ৩৫ হাজাৰ ৬৯০ টকা।  বিগত বৰ্ষৰ তুলনাত কাজিৰঙালৈ আগমণ ঘটা পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৰাজহ বৃদ্ধিয়েই নহয়, কাজিৰঙাক কেন্দ্ৰবিন্দু হিচাপে লৈ হোটেল, ৰিজ’ৰ্ট ব্যৱসায়ৰ লগতে জিপ চাফাৰীৰে জড়িত লোকসকলো লাভান্বিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply