ৰংজা খুংগুৰ বসুমতাৰী

বাক্সা: প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছত প্ৰচাৰ চলাই আকস্মিক ভাবে নিজেই প্ৰাৰ্থিত্বৰ পৰা আতৰি অহাৰ দৰে নাভূত নাশ্চুত ঘটনা সংঘটিত হৈছে এইখন অসমত । নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত এগৰাকী দলীয় প্ৰাৰ্থীয়ে আন দলত যোগদান কৰাত স্বাভাবিকতে চাঞ্চল্যৰ সৃষ্টি হয় দেশৰ নিৰ্বাচন আয়োগত। এই ঘটনা সংঘটিত হয় বাক্সা জিলাৰ ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিত। নিৰ্বাচন আয়োগত খলকনিৰ সৃষ্টি কৰা ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী আছিল ৰামদাস বসুমতাৰী ওৰফে ৰংজা খুংগুৰ বসুমতাৰী।

৬ এপ্ৰিলত হ’বলগীয়া নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বিপিএফ দল ত্যাগ কৰি যোগদান কৰে বিজেপিত । ইয়াৰ পিছতেই বিপিএফ নিৰ্বাচন আয়োগৰ দ্বাৰস্থ হয় । আয়োগে শনিবাৰে বাক্সা জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ নিৰ্বাচন আয়োগৰ প্ৰশ্নৰ সন্মুখীন হয় সদ্য বিপিএফ ত্যাগী প্ৰাৰ্থী ৰংজা খুংগুৰ বসুমতাৰী। বাক্সা জিলা উপায়ুক্ত কাৰ্যালয়ত ভিডিঅ কনফাৰেঞ্চ যোগে নিৰ্বাচনী আয়োগৰ উপৰ্যুপৰি প্ৰশ্নৰো সন্মুখীন হয় ৰংজা খুংগুৰ বসুমতাৰী ৷নিৰ্বাচন আয়োগৰ সৈতে মুখামুখি হোৱাৰ পাচত তেওঁ সাংবাদিকৰ কোনো প্ৰশ্নৰ উত্তৰ নিদি তাৰ পৰা আতৰি যায়। বহুজন ব্যক্তিয়ে বিপিএফৰ পৰা প্ৰাৰ্থিত্ব বিচৰাৰ পিছতো হাগ্ৰামা মহিলাৰীয়ে ৰংজা খুংগুৰ বসুমতাৰীক প্ৰাৰ্থীত্ব দিছিল ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply