বৰপেটা : বৰপেটা জিলা কংগ্ৰেছ সভাপতি আব্দুৰ ৰহিম খানৰ পদত্যাগ।আব্দুৰ ৰহিম খানৰ পদত্যাগৰ পিছতে ৰফিকুল হকক বৰপেটা জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব প্ৰদান।

ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বৰপেটা জিলাৰ সভাপতি তথা বৰপেটা সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানে বৃহস্পতিবাৰে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতিৰ পদৰ পৰা পদত্যাগ কৰা কাৰ্যই জিলাখনত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। আব্দুৰ ৰহিম খানৰ পদত্যাগে বৰপেটাত কংগ্ৰেছ দলটোৰ কৰ্মকর্তা সকলৰ মাজত খলকনিৰ সৃষ্টি কৰিছে।

কংগ্ৰেছ দলৰ পৰা পদত্যাগৰ কৰাৰ লগতে কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰে বৰপেটাৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা আব্দুৰ ৰহিম খানে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিলৈ বৃহস্পতিবাৰে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে আব্দুৰ ৰহিম খানে। কংগ্ৰেছ দলৰ নেতৃত্বৰ প্ৰতি অসন্তুষ্ট হৈ পদত্যাগ কৰা বুলি জানিবলৈ দিয়ে আব্দুৰ ৰহিম খানে।

লগতে পঢ়ক –  ৰঙিয়াত নকল সোণসহ এজন আটক

ইফালে আব্দুৰ ৰহিম খানৰ পদত্যাগৰ পিছতে বৰপেটা জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ স্বাক্ষ্যৰিত এক নিৰ্দেশযোগে বৰপেটা জিলাৰ সৰভোগ সমষ্টিৰ যুৱনেতা ৰফিকুল হকক দায়িত্বভাৰ প্ৰদান কৰা বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply