নিউজ ডেস্ক: উন্নত মানৰ জীৱন নিৰ্বাহৰ বাবে বিশুদ্ধ খোৱা পানী আৰু স্বচ্ছতা, দুয়োটাই অপৰিহার্য৷ এই উদ্দেশ্য আগত ৰাখি আজি উত্তৰ-পূব ভাৰতত জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত অভিযানৰ শেহতীয়া অৱস্থান সম্পর্কত জলশক্তি বিভাগৰ কেন্দ্রীয় মন্ত্রী গজেন্দ্র সিং শেখাৱটৰ উপস্থিতিত গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত সোমবাৰে এক পর্যালোচনা বৈঠক অনুষ্ঠিত হৈ যায়।
শ্বেখাৱট অধ্যক্ষতাত অনুষ্ঠিত সভাত জে.জে.এমৰ কাৰ্যকৰীকৰণৰ মানদণ্ড, পৰিচালনা আৰু ৰক্ষণাবেক্ষণ, পঞ্চায়তক গঁতাই দিয়া আঁচনি আদিৰ সমান্তৰালকৈ উত্তৰ-পূৱৰ ৰাজ্যসমূহত জে.জে. এমৰ কামৰ অগ্ৰগতি আদিৰ বিষয়ে আলোচনা কৰাৰ লগতে SBM(G)-ৰ অন্তৰ্গত গাঁৱত ODF plus ৰ অৱস্থা, আৱৰ্জনা নিষ্কাষণ আদিৰ বিষয়ে আজিৰ বৈঠকত বিতংভাৱে আলোচনা কৰা হয়।

লগতে, কেন্দ্ৰীয় মন্ত্ৰী শ্বেখাৱটই সকলো উত্তৰ-পূৱৰ ৰাজ্যৰ মন্ত্ৰী আৰু বিষয়াৰ পৰা জে. জে.এম. আৰু SBM (G) অগ্ৰগতিৰ বিষয়ে মতামত লয় আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীজীৰ দূৰদৰ্শী লক্ষ্য সম্পূৰ্ণ কৰাৰ বাবে আগবাঢ়ি যোৱাৰ পথৰ বিষয়ে আলোচনা কৰে।
আজিৰ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে অসম চৰকাৰৰ নিজা প্ৰচেষ্টা জলদূত ডায়েৰী আৰু এছ.বি.এম. পুস্তিকাখনো আনুষ্ঠানিকভাৱে মুকলি কৰে।

উক্ত বৈঠকত অসম চৰকাৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, কেন্দ্রীয় কৃষি ৰাজ্যিক মন্ত্রী কৈলাশ চৌধুৰীজী, কেন্দ্রীয় জলশক্তি বিভাগৰ বিষয়াবর্গ আৰু উত্তৰ-পূর্বৰ আটাইকেইখন প্রদেশৰ PHED -ৰে সম্পর্কিত মন্ত্রী তথা বিষয়াবর্গ উপস্থিত থাকে।
লগতে পঢ়ৰ – টুইটাৰত প্ৰবন্ধ পঢ়াৰ বাবদটো ব্যৱহাৰকাৰী দিব লাগিব মাচুল- এলন মাস্ক