নিউজ ডেস্ক: বাৰ্মিংহামত চলি থকা কমনৱেলথ গে’মছত মহিলাৰ ২০০ মিটাৰ দৌৰৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে অসমৰ হিমা দাসে।

আজি অনুষ্ঠিত ২০০ মিটাৰ দৌৰৰ প্ৰথম ৰাউণ্ডৰ হিটত প্ৰথম স্থান অধিকাৰ কৰা হিমাই ২৩.৪২ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰে।

হিমাৰ পিছতে দ্বিতীয় স্থানত থকা জাম্বিয়াৰ প্ৰতিদ্বন্দী Rhoda Njobvuয়ে ২৩.৮৫ চেকেণ্ড আৰু উগাণ্ডাৰ Jacent Nyamhunge-এ ২৪.০৭ ছেকেণ্ডত দৌৰ সমাপ্ত কৰে।

শুকুৰবাৰে হিমা দাস ছেমিফাইনেলত ট্ৰেকত অৱতীৰ্ণ হ’ব।

উল্লেখযোগ্য যে অলিম্পিক পদক বিজয়ী অসমৰ লাভলীনা বৰগোহাঁই ইতিমধ্যে কমনৱেলথৰ পৰা বাহিৰ হৈছে।

লগতে পঢ়ক –  গোলাঘাটত ট্ৰেক্টৰৰ পৰা পৰি এজন লোকৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply