গুৱাহাটী : বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ আৰু ৰাউণ্ড টেবুল ইণ্ডিয়া এৰিয়া-১৪ ৰ উদ্যোগত গুৱাহাটীৰ ফৰেষ্ট গেট খেলপথাৰত দৃষ্টিহীন ল’ৰাৰ এখন ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা অহা দৃষ্টিহীন ল’ৰাৰ দুটা দলৰ মাজত খেল অনুষ্ঠিত হয়। টছত জিকি ৰাজদ্বীপ ডাকুৱাৰ নেতৃত্বৰ দলটোৱে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়।

সেই অনুসৰি মঞ্জিত চৌধুৰীৰ নেতৃত্বৰ দলটোৱে প্ৰথমে বেট ধৰি ৰাজদ্বীপ ডাকুৱাৰ নেতৃত্বৰ দলটোক জয়ৰ বাবে ১২ অভাৰত ১২২ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। দলটোৰ হৈ বি-থ্ৰী শ্ৰেণীৰ নয়ন বৈশ্যই ৭২ ৰাণ কৰে। প্ৰত্যুত্তৰত ৰাজদ্বীপ ডাকুৱাৰ নেতৃত্বৰ দলটোৱে ১০ অভাৰত ৭ উইকেটত বিজয় সাব্যস্ত কৰে। ৰাজদ্বীপ ডাকুৱাই ৬৫ ৰাণৰ বৰঙণি আগবঢ়ায়। দলটোৰ হৈ বি-টু শ্ৰেণীৰ ধন দাসে ২২ ৰাণ আৰু বি-ৱান শ্ৰেণীৰ প্ৰতাপ ৰাজবংশীয়ে ২৬ ৰাণ কৰে। মঞ্জিত চৌধুৰীৰ নেতৃত্বৰ দলটোৰ নয়ন বৈশ্যই মেন অৱ দ্যা মেচ সন্মান লাভ কৰে।

বিশিষ্ট ক্ৰীড়া সংগঠক সুৰেশ কাইমালে এই সন্মান আনুষ্ঠানিকভাৱে প্ৰদান কৰে। প্ৰতিযোগিতাখনত ৰাউণ্ড টেবুল ইণ্ডিয়া, এৰিয়া ১৪ৰ অধ্যক্ষ আদিত্য আগৰৱালা আৰু সংস্থাটোৰ বিষয়ববীয়া গৌৰৱ খেমকা, প্ৰদীপ গুপ্তা, চন্দ্ৰকান্ত বাৰ্মা তথা কেয়াৰ ইউ ৩৬৫ ৰ বিষয়ববীয়া আৰু অসম দৃষ্টিহীন ক্ৰিকেট সন্থাৰ বিষয়ববীয়াসকল উপস্থিত আছিল।

লগতে পঢ়ক- নগাঁৱৰ ছাত্ৰক গুলীওৱা ঘটনাৰ অতিৰিক্ত মুখ্য সচিব পৰ্যায়ৰ তদন্ত ঘোষণা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply