নিউজ ডেস্ক: কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সাততা স্থানক ব্লেক স্পট হিচাপে ঘোষণা কৰিছে। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে ৰাজ্যত প্ৰতিদিনেই দুৰ্ঘটনাৰ সংখ্যা বাঢ়ি অহা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ মন্ত্ৰালয়ে প্রকাশ কৰা তথ্য অনুসৰি, যোৱা তিনি বছৰত (২০১৯- ২০২১ বৰ্ষ) ৰাজ্যখনত পথ দুৰ্ঘটনাত নিহত হোৱা লোকৰ সংখ্যা হৈছে ৮,৮৭৩জন, আহত হোৱা লোকৰ সংখ্যা হৈছে ১৮,৫০৫জন।

আনহাতে ২০১৯ চনৰ পৰা ২০২১ চনলৈকে ৰাজ্যখনত সংঘটিত পথ দুৰ্ঘটনাৰ সংখ্যা হ’ল ২৩,১৯১টা। ইয়াৰ ভিতৰত একমাত্র ২০২১ চনতে সংঘটিত হৈছে ৭,৪১১টাকৈ পথ দুৰ্ঘটনা। অৰ্থাৎ প্ৰতিদিনে ৰাজ্যখনত গড়ে প্রায় ২১টা পথ দুর্ঘটনা সংঘটিত হয়।

উল্লেখ্য যে ৰাজ্যখনত সংঘটিত পথ দুৰ্ঘটনাসমূহৰ ৭৫ শতাংশই তীব্ৰ গতিত বাহন চলোৱাৰ বাবে সংঘটিত হয়। ৰাজ্যখনত সংঘটিত পথ দুৰ্ঘটনাৰ অন্যতম কাৰণ হৈছে ৰাজ্যৰ পথসমূহৰ দুৰৱস্থাও। জৰাজীৰ্ণ পথৰ বাবেও বহু অঞ্চলত পথ দুৰ্ঘটনা বৃদ্ধি পাইছে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৰাজ্যখনত থকা ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ সাতটা স্থানক ব্লেক স্পট হিচাপে ঘোষণা কৰিছে। সঘনে দুৰ্ঘটনা সংঘটিত হোৱা উক্ত সাতটা ব্লেক স্পট হৈছে -টিহু জংচন, ৰঙিয়া ছচাইটি চক, চাংসাৰি-মদনপুৰ অংশ, ডবকা জংচন, কৃষাণ বজাৰ, মাণিকপুৰ আৰু সুন্দৰী।

উল্লেখযোগ্য যে অসমকে ধৰি সমগ্ৰ দেশত পথ দুৰ্ঘটনাৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে সংসদত এখন কঠোৰ আইনো গৃহীত কৰিছে। পূৰ্বৰ মটৰ ভেহিকল আইনখন সংশোধন কৰি এতিয়া চৰকাৰে আইন ভংগ কৰাসকলক পূৰ্বৰ তুলনাত দুই-তিনিগুণ আধিক জৰিমনা বিহাৰ ব্যৱস্থা কৰিছে। কিন্তু ইয়াৰ পাছতো ৰাজ্যখনত হ্ৰাস পোৱা নাই পথ দুৰ্ঘটনাৰ সংখ্যা। বৰঞ্চ প্ৰতিদিনেই ৰাজ্যখনত সংঘটিত পথ দুৰ্ঘটনাত নিহত আৰু আহত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈহে ধৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply