গোলাঘাট– নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত উঠিছে ধনৰ উজান ৷
খুমটাই চাৰিআলিতো ষ্টেটিক ছাৰ্ভিলেন্স দলে অভিযান চলাই জব্দ কৰে ১লাখ ২০হেজাৰ টকা৷
নিৰ্বাচনী আয়োগৰ নীতি উলংঘা কৰা সকলৰ বিৰুদ্ধে অভিযানত নামি পৰিছে প্ৰশাসন।
ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত বহুকেইগৰাকী ধন সৰবৰাহকাৰী পৰিছে আৰক্ষীৰ জালত ৷
খুমটাই চাৰিআলিত শুকুৰবাৰে নিশা ষ্টেটিক ছাৰ্ভিলেন্স দলে এখন বলেৰ’ পিকাপ বাহনৰ পৰা নগদ ১লাখ ২০হেজাৰ টকা জব্দ কৰে ।
মৰিগাঁৱৰ মৈৰাবাৰীৰ পৰা গোলাঘাট অভিমুখী আছিল গাড়ীখন । গাড়ীখনৰ নম্বৰ AS 02 CC 1843 ।
গাড়ীখনত অহা ৩জন লোকে ব্যৱসায়ীক কামত টকা খিনি লৈ অহা বুলি উল্লেখ কৰিছে যদিও কোনো নথিপত্ৰ দাখিল কৰিব নোৱাৰাৰ বাবে আৰক্ষীয়ে জব্দ কৰে টকাখিনি।
বৰ্তমান আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে ।