চাহ শ্ৰমিকক লৈ লান্স-ডিনাৰৰ ৰাজনীতি

পংকজ ভট্টাচাৰ্য: নিৰ্বাচন আহিলেই ৰাজনেতা সকলৰ চাহ শ্ৰমিক সকললৈ বৰকৈ মনত পৰে । অসমৰ অৰ্থনীতিত বিশেষ ভুমিকা লৈ অহা চাহ বাগিছা সমূহৰ শ্ৰমিক সকলক লৈ বৰ্তমান চলিছে সকলো ৰাজনৈতিক দলৰ প্ৰতিশ্ৰুতিৰ বন্যা ।শুকুৰবাৰে অসম ভ্ৰমনৰ সময়ত চাবুৱা চাহ বাগিচাৰ শ্ৰমিকৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা দেখা গ’ল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক।

 নিৰ্বাচনী প্ৰচাৰৰ বাবে দুদিনীয়াকৈ উজনি অসম ভ্ৰমনলৈ অহা ৰাহুল গান্ধীয়ে চাবুৱাৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ পিছতেই দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে চাহ শ্ৰমিকসকলৰ সৈতে।চাবুৱাৰ কংগ্ৰেছৰ প্ৰাৰ্থী অজয় ফুকনৰ হৈ চাবুৱাত এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ পিছতেই ৰাহুল গান্ধী ৰাওনা হয় ডুমডুমালৈ।

আৰু পঢ়কঃপ্ৰধানমন্ত্ৰীৰ আগমনকলৈ চাবুৱাত বিশাল আয়োজন


তাৰ মাজতেই ইতিহাসপ্ৰসিদ্ধ চাবুৱা চাহ বাগিচাত কৰ্মৰত শ্ৰমিকসকলৰ সৈতে একে শাৰীতে মাটিত বহি সাধাৰণভাবে আহাৰ গ্ৰহণ কৰে ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে। ৰাহুল গান্ধীৰ সৈতে একেলগে আহাৰ গ্ৰহণ কৰে ছত্তিছগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ ৱাঘাল সহ কেইবাগৰাকীও কংগ্ৰেছৰ উচ্চ পর্যায়ৰ নেতাই। ৰাজ্যৰ চাহ শ্ৰমিকসকলক ভোট বেংক হিচাবে ব্যবহাৰ কৰি অহা কংগ্ৰেছ দলৰ হাতৰ পৰা বিজেপিয়ে নিজা কৌশলে কাঢ়ি নিয়াৰ পিছত এতিয়া সেই ভোটবেংক উদ্ধাৰত ব্যস্ত হৈছে কংগ্ৰেছক শীৰ্ষ নেতৃত্ব।অসম কংগ্ৰেছৰ তত্বাবধায়কৰ দায়িত্ব লৈয়েই চাহ শ্ৰমিকৰ ঘৰত নিশা কটোৱাৰ পিছত প্ৰিয়ংকা গান্ধীৰ ভ্ৰমনৰ সময়তো চাহ বাগিছাৰ শ্ৰমিককেই লক্ষ্য কৰি লোৱা হৈছিল ।


ইয়াৰ বিপৰীতে চাহ শ্ৰমিকৰ দৈনিক মজুৰী বিজেপি চৰকাৰে ৫০ টকাকৈ বৃদ্ধি কৰি চমক সৃষ্টি কৰিছিল যদিও বাগিছা মালিকসকলে চৰকাৰৰ এই সিদ্ধান্তক লৈ ন্যায়ালয়ৰ কাষ চপাত গোটেই বিষয়টোৱেই স্তব্ধ হৈ পৰিছে | ইয়াৰ প্ৰতিবাদত চাহ জনজাতি ছাত্ৰ সন্থাই অহা ২২ মাৰ্চত চাহ বাগিছা বন্ধৰ আহ্বান জনাইছে । বিজোপিয়ে এই ঘটনাটোক লৈ কেনেদৰে প্ৰত্যাহ্বান জনাই বিশেষকৈ দলটোত থকা চাহ জনগোষ্ঠীৰ নেতাসকলে সুবিধাৰ পৰা বঞ্চিত চাহ শ্ৰমিকক কেনেকৈ সৈমান কৰোৱাই সিও বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply