নিউজ ডেস্ক: কলিয়াবৰত এটা বাঘৰ বাবে জাৰি কৰা হৈছে ১৪৪ ধাৰা।

এই ঘটনা সংঘটিত হৈছে কলিয়াবৰৰ চিলঘাট অঞ্চলত। অঞ্চলটোত এজনী বাঘিনীয়ে নিজৰ দুটি পোৱালী লৈ বিচৰণ কৰি থকাৰ প্ৰেক্ষাপটত অঞ্চলটোত প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা।

এতিয়ালৈকে বাঘিনী জনীৰ আক্ৰমণত কোনো লোক হতাহত হোৱা নাই যদিও নিৰাপত্তাৰ কথা চিন্তা কৰি জিলা দণ্ডাধীশে অঞ্চলটোত মানুহৰ চলাচল বন্ধ কৰিবলৈ ১৪৪ ধাৰা জাৰি কৰিছে।

জানিব পৰা মতে বাঘিনী আৰু পোৱালী দুটি উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱালৈকে এই ধাৰা অব্যাহত থাকিব অঞ্চলটোত। এতিয়ালৈকে বন বিভাগে বাঘিনী জনী আৰু পোৱালী দুটাক বন্দী কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে এটা বাঘৰ আক্ৰমণত ডিব্ৰুগড়ত মৃত্যু হৈছিল এটি সাত বছৰীয়া শিশুৰ। নামৰূপৰ সতীশপুৰ চাহ বাগিচাত বাঘে আক্ৰমণ কৰাৰ ফলত মৃত্যুক আঁকোৱালি লয় শিশুটিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply