নিউজ ডেস্কঃ ৩ মে’ ৰ পৰা মণিপুৰত হৈ থকা জাতিগত হিংসাত্মক ঘটনা আজি ৫১ টা দিনত ভৰি দিলে। মণিপুৰৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে হিংসাত্মক ঘটনাক অৱসান ঘটোৱাৰ বাবে চেষ্টা চলাইছে যদিও সফল হ’ব পৰা নাই। ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই বিষয়ত সম্পূৰ্ণ মৌনতাও এই আশংকাবিহীন হিংসাত্মক ৰাজ্যলৈ ঠেলী দিয়াৰ দৰে বৰ্তমান পৰিস্থিত সৃষ্টি হৈ পৰিছে। মণিপুৰৰ শাসকীয় দলৰ পৰা আদি কৰি বিৰোধী দলে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ বিচাৰিও আজি মাত্ৰ ইয়াৰ সুবিধা লাভ কৰা নাই।

মণিপুৰৰ এনে হিংসাত্মক ঘটনা তথা প্ৰধানমন্ত্ৰী মোদীৰ আমেৰিকাৰ ভ্ৰমণ হৈ থকাৰ সময়তেই আজি বিয়লি ৩ বজাৰ পৰা দিল্লীত এখন সৰ্বদলীয় বৈঠকৰ আয়োজন কৰা হৈছে। বৈঠকখন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত কৰা হ’ব। মণিপুৰৰ শিক্ষা মন্ত্ৰী বসন্ত সিঙে জনোৱা অনুসৰি, বৈঠকত মণিপুৰৰ বিষয়টো ৰাষ্ট্ৰীয় দলসমূহৰ সৈতে আলোচনা কৰা হ’ব।

অৱশ্যে কংগ্ৰেছে এই বৈঠকখন অতি পলম আৰু অপৰ্যাপ্ত বুলি বৰ্ণনা কৰিছে। কংগ্ৰেছে কয় যে যদি দিল্লীত বহি মণিপুৰৰ জনসাধাৰণৰ সৈতে আলোচনা কৰাৰ চেষ্টা কৰা হয়, তেন্তে ইয়াৰ কোনো গুৰুত্ব নাথাকিব।

ইয়াৰ সমান্তৰালৈক ৰাহুল গান্ধীয়েও বৈঠক খনকলৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ টুইট যোগে কয় যে, প্ৰধানমন্ত্ৰী মোডী আমেৰিকা ভ্ৰমণৰ সময়ত বৈঠকখন অনুষ্ঠিত হৈছে, যিয়ে দেখুৱায় যে এই বৈঠকখন প্ৰধানমন্ত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ নহয়।

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে, ইম্ফলত সৰ্বদলীয় বৈঠক অনুষ্ঠিত হ’ব লাগে। ইয়াৰ উত্তৰত মণিপুৰৰ শিক্ষা মন্ত্ৰী বসন্ত সিঙে কয়, “যোৱা মাহত ইম্ফলত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হোৱাৰ বিষয়ে হয়তু জয়ৰাম ৰমেশে অৱগত নহয়। বৈঠকত প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কেইবাজনো কংগ্ৰেছ নেতা উপস্থিত আছিল। অমিত শ্বাহৰ মণিপুৰ ভ্ৰমণৰ সময়ত বিৰোধী দলসমূহৰ এখন বৈঠকও আহ্বান কৰা হৈছিল”।

মণিপুৰত চলি থকা হিংসাত্মক ঘটনাৰ মাজতে, কেইবাটাও বিৰোধী দলে ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন জাৰি কৰাৰ দাবী জনাই আহিছে। অৱশ্যে, সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, বৈঠকত ৰাষ্ট্ৰপতি শাসনৰ বিষয়ে আলোচনা হোৱাৰ সম্ভাৱনা নাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ পিছত এই সিদ্ধান্ত লোৱা হয়।

কংগ্ৰেছৰ মহা সচিব কেচি বেণুগোপালে কয় যে, যেতিয়া ছোনিয়া গান্ধীয়ে মণিপুৰৰ লোকসকলক সম্বোধন কৰিছিল তেতিয়া চৰকাৰ সাৰ পাই। এই গুৰুত্বপূৰ্ণ বিষয়টোৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ অনুপস্থিতিয়ে তেওঁৰ কাপুৰুষতা দেখুৱায়। এনে পৰিস্থিতিত, মণিপুৰৰ পক্ষপাত দুষ্ট চৰকাৰক আঁতৰ নকৰা আৰু ৰাষ্ট্ৰপতি শাসন জাপি নিদিয়াটো এক কৌতুক যেন লাগে।

লগতে পঢ়ক – পাটনাত তিনি ঘণ্টাৰো অধিক সময় বিৰোধী দলৰ বৈঠকত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply