নিউজ ডেস্ক: খাদ্যত নিমখ বেছি হোৱাৰ বাবেই নিজৰ পত্নীক হত্যা কৰিলে এজন লোকে। অবিশ্বাস্য যেন লাগিলেও মহাৰাষ্ট্ৰৰ থানে জিলাত সংঘটিত হৈছে এই ঘটনা।

থানেৰ ভয়ন্দৰ টাউনশ্বিপত উক্ত ঘটনা সংঘটিত হোৱা বুলি শনিবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীৰ মতে শুকুৰবাৰে পুৱা ব্ৰেকফাষ্টত দিয়া খাদ্যত নিমখৰ পৰিমাণ অধিক হোৱাত খড়্গহস্ত হৈ লোকজনে এই কাণ্ড সংঘটিত কৰে।

ঘটনাৰ পিছতে আৰক্ষীয়ে হত্যাকাৰী স্বামীক গ্ৰেপ্তাৰ কৰে। ধৃত লোকজনক ৪৬ বছৰীয়া নিলেশ সিং বুলি চিনাক্ত কৰা হৈছে। শুকুৰবাৰে পুৱা প্ৰায় ৯.৩০ বজাত লোকজনে নিজৰ ৪০ বছৰীয়া পত্নী নিৰ্মলাক খিচিৰিত নিমখ বেছি হোৱাৰ বাবেই এখন দীঘল কাপোৰেৰে টেটু চেপি হত্যা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২ (হত্যা)-ৰ অধীনত এক গোচৰ ৰুজু কৰে।

লগতে পঢ়ক – বিশ্বনাথত পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি: ডিঙি ৰেপি হত্যা দুটি সন্তানৰ মাতৃক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply