নিউজ ডেস্ক- আজি বজালী অঞ্চলত  উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। তেওঁ দুগ্ধ উৎপাদন বৃদ্ধিৰ মানসেৰে Dairy Development Department ৰ তৰফৰ পৰা আগবঢ়োৱা নিত্যানন্দৰ কামধেনু দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেডৰ অন্তৰ্গত এক অনুস্থানত যিসকল গো-পালকে দৈনিক ১০০ লিটাৰকৈ দুগ্ধ উৎপাদন কৰি আহিছে তেওঁলোকক দানাৰ বেগ বিতৰণ কৰে৷

তেখেতে কয় যে, আমাৰ অসমত দুগ্ধৰ চাহিদা অনুযায়ী উৎপাদন যথেষ্ট পৰিমাণে কম হয়৷ যাৰবাবে আমি দুগ্ধ বহিঃৰাজ্যৰ পৰা আমদানি কৰিব লগীয়া হয়৷ বৰ্তমান আমাৰ ৰাজ্যত যিখিনি দুগ্ধ উৎপাদন কৰা সমবায় সমিতি আছে সেই সমিতি সমূহক ৰাজ্য চৰকাৰৰ দুগ্ধ উন্নয়ন বিভাগৰ তৰফৰ পৰা দানাৰ বাবদ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে৷

উল্লেখ্য যে,  বজালী অঞ্চলতে এনেকুৱা ১৫ খন সমবায় সমিতিত সৰ্বমুঠ ২ কোটি ২৩ লাখ টকা প্ৰদান কৰা হৈছে৷   লগতে,  মন্ত্ৰীগৰাকীয়ে অসমবাসীক দুগ্ধ বিপ্লৱত ওতঃপ্ৰোত ভাৱে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়৷ দুগ্ধ উৎপাদনৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ উপৰিও ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নত অংশীদাৰ হ’ব পাৰিব বুলিও উল্লেখ কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply