Myanmar1
ম্যানমাৰৰ প্ৰতিবাদৰ ছবি, সংগৃহীত

ম্যানমাৰত যোৱা ফেব্ৰুৱাৰি মাহত হোৱা সেনাৰ অভ্যুত্থানৰ পিছৰ পৰা এই পৰ্যন্ত ২,২০০ গৰাকীতকৈ অধিক লোকে দেশ ত্যাগ কৰি মিজোৰামত আশ্ৰয় গ্ৰহণ কৰি আছে। তেওঁলোকৰ মাজত দেশখনৰ ১৪ গৰাকী সাংসদো আছে।

১২ এপ্ৰিলত ৰাজ্যখনৰ এগৰাকী আৰক্ষী বিষয়াই এই কথা সদৰী কৰিছে।

আৰক্ষী বিষয়া গৰাকী জনোৱা মতে মিজোৰামত আশ্ৰয় লৈ থকা ১৪ গৰাকী সাংসদ ম্যানমাৰৰ চিন ৰাজ্য আৰু চাগাইন প্ৰদেশৰ।

তেওঁলোক ২০২০ চনত ম্যানমাৰত চৰকাৰ গঠন কৰা নেশ্যনেল লীগ ফৰ ডেমক্ৰেচি (এনএলডি) দলৰ সদস্য।

চৰকাৰী হিচাপৰ উদ্ধৃতি দি তেওঁ কয় যে এই পৰ্যন্ত ম্যানমাৰৰ পৰা পলায়ন কৰি অহা ২,২২৩ গৰাকী ব্যক্তিয়ে মিজোৰামৰ বিভিন্ন ঠাইত আশ্ৰয় লৈ আছে।

২,২২৩ গৰাকী ব্যক্তিৰ ৮০ শতাংশ হৈছে আৰক্ষী জোৱান তথা বাকী ২০ শতাংশ হৈছে শিক্ষক, চৰকাৰী বিষয়া আদি, তেওঁ জনায়।

শৰণাৰ্থীসকলক বিভিন্ন স্থানীয় গোট আৰু গাঁৱৰ লোকসকলে আশ্ৰয় দিছে।

মিজোৰামৰ চাম্পাই জিলাত সৰ্বাধিক ৫৫৮ গৰাকী আৰু চিয়াহা জিলাত ৪১৪ গৰাকী ম্যানমাৰৰ নাগৰিকে আশ্ৰয় লৈ আছে বুলি তেওঁ জনায়।

বিষয়া গৰাকীয়ে জনোৱা মতে শৰণাৰ্থীসকল বৰ্তমান ৰাজধানী আইজলকে ধৰি মিজোৰামৰ ৯খন জিলাত আশ্ৰয় লৈ আছে।

আইজলত ৩১০ গৰাকী ম্যানমাৰৰ নাগৰিক আছে, তেওঁ জনায়।

উল্লেখযোগ্য যে মিজোৰামৰ ৬খন জিলা (চাম্পাই, চিয়াহা, লংলাই, ছেৰ্চিপ, নাহথিয়াল আৰু চাইটুৱাল)ৰ ৫১০ কি.মি ম্যানমাৰ সীমাত পৰে।

উত্তৰ-পূবৰ ছাত্ৰ সংগঠনসমূহৰ উমৈহতীয়া গোট নৰ্থ-ইষ্ট ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যন (নেছ’)-এ ম্যানমাৰত সেনাই চলাই থকা দমন আৰু হিংসা বন্ধ কৰিবলৈ তাৰ সামৰিক চৰকাৰক হেঁচা দিবলৈ ভাৰত চৰকাৰক দাবী জনাইছে।

সোমবাৰে সংগঠনটোৱে এখন ভিডিঅ’ কনফাৰেঞ্চিঙৰ অনুষ্ঠিত কৰি হিংসা জৰ্জৰিত চুবুৰীয়া দেশখনত শান্তি ঘূৰাই অনাৰ উদ্দেশ্যে শীঘ্ৰে ভাৰত চৰকাৰক পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনায়।  

ইয়াৰ উপৰি সংগঠনটোৱে এই শৰণাৰ্থীসকলক ম্যানমাৰত শান্তি ঘূৰি নহালৈকে তথা তেওঁলোক নিজ দেশলৈ উভতি নোজোৱা পৰ্যন্ত প্ৰয়োজনীয় সহায়-সাহায্য আগবঢ়াবলৈ কেন্দ্ৰক আহ্বান জনায়।

উল্লেখযোগ্য যোৱা ১ ফেব্ৰুৱাৰিৰ পৰা ম্যানমাৰত সেনা বাহিনীৰ হাতত দেশখনৰ ৭০০তকৈ অধিক নাগৰিকে প্ৰাণ হেৰুৱাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply