গুৱাহাটী : মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক জন্ম নিয়ন্ত্ৰণৰ বাবে আহ্বান জনোৱাৰ এদিনৰ পিছতে এই সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দল এ আই ইউ ডি এফে।

জনসংখ্য বৃদ্ধিৰ প্ৰকৃত কাৰণ বিচাৰি উলিয়াই ইয়াক নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে বুলি উল্লেখ কৰি শুকুৰবাৰে এই আই ইউ ডি এফৰ মুখপাত্ৰ আমিনুল ইছলামে কয়, ‘এটা বিশেষ সম্প্ৰদায়ে অধিক সন্তান জন্ম দিয়ে বুলি কোৱাতকৈ মুখ্য মন্ত্ৰীয়ে ইয়াক ৰোধ কৰা বাবে কাম কৰিব লাগে।’

উল্লেখযোগ্য যে বৃহস্পতিবাৰে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ কাৰ্য্যকালৰ ৩০ দিন পূৰ্ণ হোৱাৰ উপলক্ষে আয়োজিত এক সংবাদমেলত ৰাজ্যৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক জন্ম নিয়ন্ত্ৰণৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনাইছিল।

লগতে পঢ়ক : বাবা ৰামদেৱৰ ওলোটা খৰ : ‘অতি শীঘ্ৰে’ ল’ব ভেকচিন

তেওঁ সংখ্যলঘু সম্প্ৰদায়ৰ সমাজখনক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিব কৰিবলৈ চৰকাৰক সহযোগ কৰিবলৈ আহ্বান জনাই কৈছিল যে দৰিদ্ৰতাৰ মূল কাৰণ হৈছে জনসংখ্যাৰ অনিয়ন্ত্ৰিত বৃদ্ধি।

তদুপৰি, সংবাদমেলত মুখ্য মন্ত্ৰীয়ে আমছু আৰু এ আই ইউ ডি এফক সম্প্ৰদায়টোৰ মাজত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে উৎসাহ যোগাবলৈ আহ্বান জনাইছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply