নিউজ ডেস্ক : ছিপাঝাৰৰ গৰুখুটিত চলোৱা উচ্ছেদ অভিযান সন্দৰ্ভত চৰকাৰক তিনি সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

জ্যেষ্ঠ কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়াই দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ ওপৰত ভিত্তি কৰি ন্যায়াধীশ এন কোটিশ্বৰ সিং আৰু মণিষ চৌধুৰীক লৈ গঠিত বিচাৰপীঠে উক্ত নিৰ্দেষ জাৰি কৰে।

অহা ৩ নৱেম্বৰত পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব।

উল্লেখযোগ্য যে যোৱা ২৩ ছেপ্টেম্বৰত চৰকাৰে চলোৱা গৰুখুটি উচ্ছেদ অভিযানত আৰক্ষীৰ গুলীত এটি ১২ বছৰীয়া শিশুকে দুজন লোকে প্ৰাণ হেৰোৱাৰ লগতে ২০ জন লোক আঘাটপ্ৰাপ্ত হৈছিল।

বিৰোধী দলপতি দেবব্ৰত শইকীয়াই তেওঁৰ আৱেদনত উল্লেখ কৰা মতে অভিযানৰ সময়ত উপযুক্ত নিৰ্দেশনা মানি চলা হোৱা নাছিল, ইয়াৰ উপৰি ২০১৬ চনৰ পৰা অঞ্চলটোৰ মানুহ বিলাকক ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখাৰ চেষ্টা চলাই অহা হৈছে।

লগতে পঢ়ক : চিকিৎসক ডাঃ নভনীল বৰুৱা দিছপুৰ থানাত হাজিৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply