অসমৰ বিভিন্ন বনাঞ্চল সমূহত বছৰ বছৰ ধৰি বন ধ্বংস কাৰ্য্য চলি আহিছে। দশকজুৰি চলি অহা বনাঞ্চল ধ্বংস আৰু ভুল পৰিচালনাৰ অভাৱত বিশ্বনাথ জিলাৰ বিহালী সংৰক্ষিত বনাঞ্চলৰ প্ৰতি অস্তিত্বৰ ভাবুকি নামি আহিছে। কিন্তু তথাপি অঞ্চলটোৰ ৰাইজে বনাঞ্চলখনক জীয়াই ৰখাৰ আশা বাদ দিয়া নাই।  

১৯১৭ চনত এখন সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা বিহালী সংৰক্ষিত বনাঞ্চল জৈৱ বৈচিত্ৰ্যৰ দিশৰ পৰা এখন যথেষ্ট চহকী বনাঞ্চল। গোৱালপাৰা মহাবিদ্যালয়ৰ উদ্ভিদবিদ্যা বিভাগৰ অধ্যাপক দীপাংকৰ বৰাই ইষ্টমজ’ক জনোৱা মতে, ‘সাধাৰণতে এখন সৰু বনাঞ্চলত ইমানবিলাক প্ৰজাতিৰ উদ্ভিদ দেখিবলৈ পোৱা নাযায়। ইয়াত তিনিটা গছৰ প্ৰজাতি আৱিষ্কাৰ কৰা হৈছে আৰু তাৰ দুটা প্ৰজাতি কেৱল বিহালীতহে পোৱা যায়। বিহালীত কিছুমান নতুন গছ আৱিষ্কাৰ কৰা হৈছে যিবিলাক আগতে অসমত কেতিয়াও পোৱা নগৈছিল।’

বিহালীত ২৯০ বিধতকৈ অধিক প্ৰজাতিৰ গছ, ৪৯ টা প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী, ২৮০ টা প্ৰজাতিৰ চৰাই, ২৩ বিধ প্ৰজাতিৰ সাপ, ১২ বিধ কাছ, ১১ বিধ জেঠী, ১২ বিধ উভচৰ প্ৰাণী আৰু ২৪১ বিধ প্ৰজাতিৰ পখিলা পোৱা যায়। কিন্তু বেদখলৰ ফলত বনাঞ্চলখনৰ মুঠ পৰিসৰ ১৪০ বৰ্গ কিলোমিটাৰৰ পৰা এতিয়া ৬০ বৰ্গ কিলোমিটাৰলৈ সংকুচিত হৈ আহিছে।

সীমাৰ মাজত : অনাদৰ আৰু অৱহেলা এক ইতিহাস

স্কুল অৱ মেনেজমেণ্ট ছায়েন্সৰ প্ৰতিষ্ঠাপক ডীন প্ৰয়াত এম চি বৰাই তেওঁৰ ‘Natural Resources Management: Sustainable Extraction Level of Forest Production in Assam, 2001’ শীৰ্ষক গৱেষণা পত্ৰখনত উল্লেখ কৰা মতে, ‘বিহালী সংৰক্ষিত বনাঞ্চলত ১৯৮০ চনৰ পৰা বেদখল আৰম্ভ হৈছে। বন বিভাগৰ মতে ৩,৩৭৫ হেক্টৰ ভূমি বেদখলৰ কবলত পৰিছে কিন্তু বাস্তৱত ৩,৫০০ হেক্টৰতকৈ অধিক ভূমিত বেদখল হৈছে। নেপালী, কাৰ্বি, বড়ো আৰু চাহ জনগোষ্ঠিৰ লোকে বনাঞ্চলখনত বেদখল কৰি ১০০০ টাতকৈ অধিক জুপুৰি নিৰ্মাণ কৰিছে। বিহালী সংৰক্ষিত বনাঞ্চলত অৰুণাচল প্ৰদেশৰ মানুহে বৃহৎ অঞ্চলজুৰি বেদখল কৰাৰ লগতে স্থায়ী ঘৰ আদি বনাই বসতি স্থাপন কৰিছে। অৰুণাচল প্ৰদেশ চৰকাৰে এই বনাঞ্চলৰ বৃহৎ ভূমি চাফা কৰি তাত চৰকাৰী কাৰ্য্যালয়, বিদ্যালয় আদি নিৰ্মাণ কৰিছে।’

বিহালী সংৰক্ষিত বনাঞ্চলৰ ৰেঞ্জাৰ ড০ ফিৰফ্লিয়া বচুমতাৰীয়ে ইষ্টমজ’ক কয়, ‘পূৰ্বতে কি হৈছিল তাৰ বিষয়ে মোৰ বিশেষ ধাৰণা নাই কিন্তু এতিয়া আমি বিহালীক সুৰক্ষিত কৰিবলৈ সম্পূৰ্ণ চেষ্টা চলাইছো। দিকল আৰু নাহৰজান আই আৰ বি (Indian Reserve Battalion) কেম্পৰ উপৰি বিহালী সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকাকৈ আমি ৯ টা কেম্প স্থাপন কৰিছো, যাতে কিবা হ’লে আমি লগে লগে যাব পাৰো।’

অৱশ্যে বন বিভাগে আই আৰ বি কেম্প আৰু ফৰেস্ট বেটেলিয়ান কেম্প স্থাপন কৰিছে যদিও কৰ্মচাৰী আৰু যাৱতীয় সামগ্ৰীৰ অভাৱে বনাঞ্চলখনৰ সুৰক্ষাত ব্যঘাত জন্মাইছে বুলি বচুমতাৰীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়ক : মনোজ বাজপায়ীৰ সৈতে বলিউডৰ নতুন ছবিত অসমৰ উৰ্মীলা মহন্ত

অনতিপলমে সীমা নিৰ্ধাৰণ কৰা জৰুৰী

বন্যপ্ৰাণী জীৱবিজ্ঞানী তথা উত্তৰ-পূবৰ বনাঞ্চল সমূহত কাম কৰি অহা পৰিৱেশ কৰ্মী কাশ্মীৰা কাকতিয়ে কয়, ‘আমি মন কৰিছো যে, শেহতীয়াকৈ, যোৱা ২ বছৰমান ধৰি বিহালী আৰু শিঙলীজান অঞ্চলত মাংসৰ বাবে হাতী চিকাৰ কৰাৰ এক নতুন প্ৰৱনতা আৰম্ভ হৈছে।’

বিহালীৰ এজন স্থানীয় লোকৰ মতে ১৯০০ দশকৰ পৰাই ব্যাপক হাৰত বেদখল আৰু বন ধ্বংস আৰম্ভ হৈছে আৰু এই প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে। ‘অৰুণাচলৰ মানুহ বিলাকৰ লগত অস্ত্ৰ আছে, নিজক সুৰক্ষা কৰাৰ পৰিৱৰ্তে চিকাৰ কৰিবলৈহে তেওঁলোকে সেইসমূহ ব্যৱহাৰ কৰে,’ তেওঁ কয়।

এতিয়ালৈকে সীমা নিৰ্ধাৰণ নোহোৱা কথাটোত আক্ষেপ প্ৰকাশ কৰি অঞ্চলটোৰ লোকে কয়, ‘সীমা নিৰ্ধাৰণ নোহোলৈকে সীমা বিবাদ চলি থাকিব আৰু অৰুণাচলৰ মানুহ বিলাকে বনাঞ্চলৰ ভিতৰত ঘৰ-দুৱাৰ বনাই তথা খেতি-বাতি কৰি বেদখল চলাই যাব।’

সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত বৰ্তমান আদালতত এক গোচৰ চলি আছে আৰু চূড়ান্ত ৰায়দান নহা পৰ্য্যন্ত এইক্ষেত্ৰত একো কৰিব পৰা নাযাব বুলি ৰেঞ্জাৰ বচুমতাৰীয়ে জানিবলৈ দিয়ে। অৱশ্যে, শেহতীয়াভাৱে দুয়োখন ৰাজ্যৰ উচ্চপদস্থ বিষয়াসকলে অঞ্চলটোত বেদখল কাৰ্য্য চলিবলৈ দিয়া নাই বুলি তেওঁ সদৰী কৰে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা ভূগোলবিদৰ দলে বিহালী সংৰক্ষিত বনাঞ্চলক এখন বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিবলৈ আগবঢ়োৱা পৰামৰ্শ সন্দৰ্ভত বচুমতাৰীয়ে কয়, ‘বিহালী এখন জৈৱ বৈচিত্ৰৰ দিশৰ পৰা যথেষ্ট চহকী বনাঞ্চল, অৱশ্যে এখন বনাঞ্চলে বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্য্যাদা পাবলৈ কিছু সময় লাগে। বৰ্তমান এই দিশত কাম কৰি থকা হৈছে আৰু মই আশা কৰোঁ সোনকালেই বিহালীয়ে বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্য্যাদা লাভ কৰিব। এই ক্ষেত্ৰত স্থানীয় লোকৰ সহযোগিতা অতিশয় প্ৰয়োজনীয়। যদি বন বিভাগৰ সৈতে অঞ্চলটোৰ মানুহে আৰু বেচৰকাৰী সংস্থাসমূহে হেঁচা দিয়ে তেন্তে মই ভাবো আমি এটা ভাল ফলাফল পাম।’

বিহালী সংৰক্ষিত বনাঞ্চলৰ ডকুমেণ্টেচনৰ কাম কৰি অহা অধ্যাপক দীপাংকৰ বৰাই কয়, ‘স্থানীয় বাসিন্দা, গৱেষক, বন বিভাগ আৰু অসম চৰকাৰৰ সন্মিলিত প্ৰচেষ্টায়েহে বিহালীক বচাব পাৰিব। চুবুৰীয়া ৰাজ্যৰ পৰা হোৱা বেদখলৰ সমস্যা কেৱল বিহালীৰ ক্ষেত্ৰতে সীমাবদ্ধ নহয়, আন্তঃৰাজ্যিক সীমান্তত থকা অসমৰ প্ৰতিখন বনাঞ্চলেৰ প্ৰতি ই এক বৃহৎ সমস্যা। বিহালীৰ বাবে ই এক ডাঙৰ ভাবুকিস্বৰূপ হৈ পৰিছে, সেয়ে আমি ইয়াৰ হৈ মাত মাতিছো। এই বনাঞ্চলখনক ৰক্ষা কৰাৰ সময় আহি পৰিছে।’

সামাজিক মাধ্যমসমূহতো বিহালীক লৈ জন সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। এই ক্ষেত্ৰত কাম কৰি থকা ভাৰ্গৱ পানেৰুয়ে কয়, ‘সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফ’ৰ্মত আমি গ্ৰোপ খুলিছো আৰু বিহালী সংৰক্ষিত বনাঞ্চলক প্ৰতি মানুহ বিলাকৰ মাজত সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰিছো।’

ইংৰাজীত পঢ়ক : Biswanath’s only forest is on verge of extinction, but locals aren’t giving up

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply