চাবুৱাঃ চাবুৱাস্থিত ডিব্ৰুগড় জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বাৰ্ষিক মুখপত্ৰ ‘উদয়’ উন্মোচন ।

“এটা জাতিৰ ভৱিষ্যত মাতৃভাষাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। জাতিৰ স্বকীয়তা মাতৃভাষাই লালন-পালন কৰাত মুখ্য ভূমিকা লয়। মনৰ ভাব মাতৃভাষাতে সলসলীয়াকৈ প্ৰকাশ কৰিব পাৰো| গতিকে মাতৃভাষা অবিহনে অন্য বিদেশী ভাষাৰে জাতিৰ পূৰ্ণাংগ ৰূপ দিয়াত যথেষ্ট সমস্যাৰ সৃষ্টি হ’ব পাৰে।” চাবুৱাস্থিত ডিব্ৰুগড় জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত অধ্যক্ষা ৰুণু গগৈ সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত প্ৰবক্তা স্বৰাজ ফুকনে সম্পাদনা কৰা ২০২০-২১ বৰ্ষৰ বাৰ্ষিক মুখপত্ৰ ‘উদয়’ উন্মোচন কৰি দিয়া ভাষণত বিশিষ্ট সাংবাদিক, নাট্যকাৰ অমূল্য খাটনিয়াৰে এইদৰে কয়।

তেখেতে ভাষণ প্ৰসঙ্গত শিশুৰ শিক্ষাৰ ক্ষেত্ৰত অকল শিক্ষকৰ ওপৰতে নিৰ্ভৰ নকৰি অভিভাৱকৰ সচেতনতাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰি বক্তব্য আগবঢ়ায়।

লগতে পঢ়কঃঅলিম্পিকত অসমৰ খেলুৱৈৰ ভৱিষ্যত আৰু সম্ভাৱনা শীৰ্ষক বক্তৃতা অনুষ্ঠান

জ্যেষ্ঠ প্ৰবক্তা ভূপেন কুমাৰ দাসে আঁত ধৰা অনুষ্ঠানত কোটোহা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লোহিত গগৈ উপস্থিত থাকি বক্তব্য আগবঢ়ায়। ভাষণ প্ৰসঙ্গত তেখেতে শিক্ষক সকলৰ কম্পিউটাৰ জ্ঞানৰ প্ৰয়োজনীয়াতাৰ ওপৰত গুৰুত্ব দিয়ে।

শতাধিক প্ৰশিক্ষাৰ্থীৰ উপস্থিতিত অনুষ্ঠিত হোৱা উন্মোচনী সভাত অধ্যক্ষা ৰুণু গগৈ সোণোৱালে তেখেতৰ বক্তব্যত প্ৰতিষ্ঠানটোৰ বাৰ্ষিক মুখপত্ৰ খনক প্ৰশিক্ষাৰ্থীসকলৰ বৌদ্ধিক প্ৰতিভা বিকাশৰ মঞ্চ বুলি অভিহিত কৰে।

অনুষ্ঠানটোত প্ৰবক্তা ক্ৰমে দুলেন গোহাঁই, স্বপ্নালী বৰুৱা, অনিমা গোস্বামী, ৰঞ্জন বৰা, নিপামণি টায়ে, মৃদুস্মিতা ফুকন, পল্লৱী কলিতা, কৰ্ম শিক্ষাৰ শিক্ষক স্মৃতিৰেখা চেতিয়া, প্ৰাক্তন প্ৰশিক্ষাৰ্থী জগত হাতীমূৰীয়া উপস্থিত থাকি বক্তব্য আগবঢ়ায়।

অনুষ্ঠানটোৰ আৰম্ভণিতে সম্প্ৰিতী বৰুৱাই বৰগীত পৰিবেশন কৰে। শেষত শলাগৰ শৰাই আগবঢ়ায় প্ৰবক্তা ভূপেন কুমাৰ দাসে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply