চুক্তি স্বাক্ষৰকাৰীক সম্বৰ্ধনা

ডিফু : দীৰ্ঘদিন ধৰি পাৰ্বত্য জিলা কাৰ্বি আংলংত অব্যাহত থকা বিভীষিকাময় পৰিবেশৰ অবসান ঘটাই ৪ছেপ্তেম্বৰত নতুন দিল্লীত কাৰ্বি পাহাৰৰ চাৰিটাকৈ বিদ্ৰোহী সংগঠনৰ শীৰ্ষ নেতৃবৰ্গই কেন্দ্ৰ আৰু অসম চৰকাৰৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰে৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,কেন্দ্ৰীয় জাহাজ মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংৰ উপস্থিতি স্বাক্ষৰিত হোৱা ঐতিহাসিক শান্তি চুক্তি সম্পাদন হোৱাৰ পিছত বুধবাৰে KAAC-এ ডিফুত আয়োজন কৰে এক সম্বৰ্ধনা সভা৷

ডিফুৰ ঐতিহ্যমন্দিত জয়সিং দলৈ প্ৰেক্ষাগৃহত আয়োজিত সভাত কাৰ্বি স্বায়ত্ত্বশাসিত পৰিষদে ৪বিদ্ৰোহী সংগঠন ক্ৰমে KNLF,PDCK,UPLA,KPLT ৰ নেতৃবৰ্গক তৰফৰ বিপুলভাৱে সম্বৰ্ধনা জনায়৷অনুষ্ঠানত KAAC ৰ চিইএম তুলিৰাম ৰংহাং.সাংসদ হৰেন সিং বে,আটাইকেইগৰাকী কাৰ্যবাহ সদস আৰু জিলা খনৰ সকলো বিধায়ক উপ থাকে৷সভাখনৰ আতঁ ধৰে KAAC ৰ অধ্যক্ষ-সচিব মুকুল চন্দ্ৰ শইকীয়াই৷

লগতে পঢ়ক বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ মাতৃৰ দেহাৱসান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply