নিউজ ডেস্ক : ওদালগুৰি জিলাৰ অসম, অৰুণাচল প্ৰদেশ আৰু ভূটান সীমান্তত অৱস্থিত ভৈৰৱকুণ্ড প্ৰাকৃতিক সৈন্দৰ্য্যৰে ভৰা এক অঞ্চল। বিভিন্ন প্ৰজাতিৰ বনৰীয়া জীৱ-জন্তু আৰু পৰিভ্ৰমী চৰাইৰ বিচৰণস্থলী এই অঞ্চলটোলৈ প্ৰত্যেক বছৰে যথেষ্ট সংখ্যক পৰ্যটকৰ আগমন হয়।

কিন্তু আজিৰ পৰা মাত্ৰ কেই দশকমান আগলৈকে ব্যাপকভাৱে চলা বন ধ্বংসকাৰ্য্যৰ ফলত এই সমগ্ৰ অঞ্চলটোত শিল, বালি আৰু গছৰ কটা মুঢ়া আদিৰে এক মৰভূমি সদৃশ পৰিৱেশে বিৰাজ কৰিছিল।

২০০৬ চনত ভৈৰৱকুণ্ড সংৰক্ষিত বনাঞ্চলৰ সেই সময়ৰ বনাঞ্চলিক বিষয়া নৱ কুমাৰ বৰদলৈৰ উদ্যোগত অঞ্চলটোৰ ৩৫ জন যুৱকে গ্ৰহণ কৰা ঐকান্তিক প্ৰচেষ্টাৰ ফলত বনভূমিখনে পুনৰ প্ৰাণ পাই উঠিবলৈ ধৰে।

সেই সময়ত অঞ্চলটোৰ স্থানীয় লোকসকলৰ সৈতে মিলি এখন যুটীয়া বন পৰিচালনা সমিতি গঠন কৰা হৈছিল।

‘আমি যেতিয়া ইয়ালৈ আহিছিলো ঠাইখিনি মৰভূমি সদৃশ আছিল। গছ-গছনি বুলিবলৈ একো নাছিল, কেৱল ঘাঁহ আৰু শিল। প্ৰথম অৱস্থাত আমি এখন  বহুমুখী (multipurpose) ফাৰ্ম আৰম্ভ কৰিছিলো য’ত আমি গৰু, গাহৰি, মুৰ্গী, হাঁহ ইত্যাদী পালন কৰিছিলো, কিন্তু সেয়া সফল হৈ নুঠিল।’ যুটিয়া বন পৰিচালনা সমিতিৰ সভাপতি প্ৰিন্সন দৈমাৰিয়ে ইষ্টম’জ’ক জনায়।

তেওঁ লগতে কয়, ‘পিছত ২০০৬ চনত তদানীন্তন জিলা বনানঞ্চিক বিষয়া নৱ কুমাৰ বৰদলৈৰ কাষ চপাত তেওঁ আমাক অঞ্চলটোত অৰণ্য স্থাপনৰ প্ৰচেষ্টাক সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু সেই অনুসৰি এখন যুটীয়া বন পৰিচালনা সমিতি স্থাপন গঠন কৰা হয়।’

২০০৪ চনৰ পৰা ২০১৩ চনলৈ কৰ্মসূত্ৰে ওদালগুৰিত নিয়োজিত বৰদলৈয়ে দৰং বন উন্নয়ন কৰ্তৃপক্ষৰ অধীনত ৬খন গাঁৱৰ স্থানীয় লোকসকলক লগত লৈ ৬খন যুটীয়া বন পৰিচালনা সমিতি গঠন কৰাৰ লগতে উক্ত সমিতি কেইখনক পঞ্জীভুক্ত কৰি বনাঞ্চল স্থাপনৰ যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰে। ইয়াৰ প্ৰতি ৰাষ্ট্ৰীয় বনানীকৰণ কাৰ্য্যসূচী (National Afforestation Programme)-এ সমৰ্থন আগবঢ়ায়।

কিছুদিনৰ পিছতেই দিল্লীৰ পৰা অহা এটা দলে অঞ্চলটো পৰিদৰ্শন কৰে। বৰদলৈৰ নিজা প্ৰচেষ্টাত যুটীয়া বন পৰিচালনা সমিতিখনে প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিবলৈ কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ৰ পৰা ৫০ লাখ টকাৰ এক আৰ্থিক অনুদান লাভ কৰে।

পৰৱৰ্তী বছৰ কেইটাত সোনাইগাঁও, গৰৈমাৰী, ছেপনগাঁও, ভৈৰৱপুৰ, মাজৰগাঁও-১ আৰু মাজৰগাঁও-২ – এই ৬খন গাঁও উক্ত অভিযানৰ সৈতে চামিল হয়।

বন বিষয়াসকলৰ পৰা লাভ কৰা দিহা-পৰামৰ্শৰ জৰিয়তে গাঁওবাসীয়ে ৫০০ হেক্টৰ ভূমিত ১৪ লাখতকৈ অধিক গছ ৰোপন কৰে। গমাৰি, তিতাচঁপা, চেগুন, শিমলু আদি কেইবা প্ৰজাতিৰ গছেৰে ভৰি থকা বনাঞ্চলখনক বৰ্তমান গেটছেমানে মানৱ সৃষ্ট বনাঞ্চল হিচাপে জনা যায়।

বন সংৰক্ষণৰ উপৰি যুটীয়া বন পৰিচালনা সমিতিখনে এতিয়া বিভিন্ন কাৰ্য্যসূচীৰ জৰিয়তে স্বাবলম্বনৰ পথ তৈয়াৰ কৰাত মনোনিৱেশ কৰিছে। ইয়াৰ অংশ হিচাপে তেওঁলোকে জালুকৰ খেতি, মূৰ্গী পালন ভৈৰৱকুণ্ড সংৰক্ষিত বনাঞ্চলক ইক’ টৌৰিজমৰ হটস্পট হিচাপে গঢ়ি তোলাৰ দিশত অগ্ৰাধিকাৰ দিছে।

‘অঞ্চলটোত পৰ্যটনৰ সম্ভাৱনা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি বিভিন্ন উদ্যোগ গ্ৰহণ কৰিছো। বালিপাৰা ফাউণ্ডেচনৰ জৰিয়তে এতিয়ালৈকে ১৩ খন দেশৰ পৰ্যটকে অঞ্চলটো ভ্ৰমণ কৰিছে। পৰ্যটকৰ উপৰি ইয়ালৈ প্ৰায়ে গুৱাহাটী, অৰুণাচল প্ৰদেশ, তেজপুৰ, মঙলদৈ আদিৰ পৰা ছাত্ৰ-ছাত্ৰীসকল আহে। পৰ্যটকসকলে ইয়াত ইমানেই ভাল পাই যে প্ৰায়ে তেওঁলোকে থাকিবলৈ ইচ্ছা প্ৰকাশ কৰে। কিন্তু এতিয়ালৈ আমাৰ ইয়াত থকাৰ সুবিধা হৈ উঠা নাই বাবে তেওঁলোকৰ বাবে আমি ভাৰা ঘৰৰ ব্যৱস্থা কৰি দিওঁ,’ দৈমাৰিয়ে কয়।

লগতে পঢ়ক : ইউটিউবৰ পৰা প্ৰতি মাহে ৪ লাখ টকা লাভ কৰে কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰিয়ে

চাওক ইষ্টম’জ’ৰ এক বিশেষ ভিডিঅ’ প্ৰতিবেদন –

YouTube video

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply