গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে অসম বিধানসভাৰ দিছপুৰস্থিত নতুন ভৱনটোৰ নির্মাণৰ অগ্ৰগতিৰ বুজ লয় আৰু অসম বিধানসভাৰ পৰৱর্তী শীতকালীন অধিৱেশন নতুন ভৱনটোতে অনুষ্ঠিত কৰিব পৰাকৈ চলিত বছৰৰ ডিচেম্বৰৰ ভিতৰত ইয়াৰ কাম সম্পূর্ণ কৰি তুলিবলৈ লােক নির্মাণ (গৃহ) বিভাগক নির্দেশ দিয়ে।

অসম বিধানসভাৰ অধ্যক্ষৰ সভাকক্ষত নির্মিয়মান বিধানসভা ভৱনৰ অৱশিষ্ট নির্মাণ কার্যৰ অগ্রগতি পর্যালােচনা কৰি মুখ্যমন্ত্ৰীয়ে ইয়াৰ কাম-কাজ খৰতকীয়া কৰি তুলিবলৈ লােক নির্মাণ (গৃহ) বিভাগৰ আয়ুক্ত ৰাজ চক্ৰৱৰ্তীক নির্দেশ দিয়ে যাতে নির্ধাৰিত সময়ৰ ভিতৰত ভৱনটোক সাজু কৰি তুলিব পৰা যায়। নতুন বিধানসভা ভৱনটোৰ ভিতৰ অংশৰ আৰ্হিত আনিব খােজা পৰিৱর্তনসমূহ পুনৰ বিবেচনা কৰিবলৈ আৰু যুদ্ধকালীন তৎপৰতাৰে কাম সম্পূর্ণ কৰাৰ বাবে যাৱতীয় প্রশাসনিক অনুমােদন বিচাৰিবৰ বাবেও মুখ্যমন্ত্ৰীয়ে বিভাগটোৰ আয়ুক্তগৰাকীক নির্দেশ দিয়ে।

বৈঠকত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডাঃ নােমল মমিন, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰীৰ বিধায়ক জয়ন্তমল্ল বৰুৱা, মুখ্যমন্ত্রী প্রধান সচিব সমীৰ কুমাৰ সিনহা, লােক নির্মাণ (গৃহ) বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিব ৰাজ চক্ৰৱৰ্তীৰ লগতে বিভাগটোৰ অন্যান্য শীর্ষ বিষয়াসকল উপস্থিত থাকে।অসম বিধানসভাৰ নতুন ভৱন আৰু সূউচ্চ বিধানসভাৰ সচিবালয়ৰ নিৰ্মীয়মাণ অট্টালিকা ২০১১ চনৰ পৰা চলি আছে নিৰ্মাণ কাৰ্য৷নিৰ্মীয়মাণ বিধানসভাৰ ভৱন আৰু সচিবালয়ৰ বহু ৰেহৰূপ সলনি কৰাৰো নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে৷

লগতে পঢ়ক : সোণাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপান্ত ফুকনক বিদায় সম্বৰ্ধনা জ্ঞাপন

ইতিমধ্যে অধ্যক্ষৰ দায়িত্ব লৈয়ে বিধানসভাৰ ভৱনৰ নিৰ্মাণত বিসংগতি থকাৰ কথা সদৰি কৰিছে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে৷সোমবাৰে মুখ্যমন্ত্ৰীয়ে পৰ্যালোচনা কৰাৰ পিছত অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে সাংবাদিকক ক’লে যে পেপাৰলেছ হ’ব বিধানসভাৰ কাম-কাজ৷ ডিজিটেলাইজ হ’ব সকলো কাম-কাজ৷ লগতে বিধানসভাৰ লাইব্ৰেৰীও হ’ব বিশ্বমানৰ ডিজিটেল লাইব্ৰেৰী৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply