গুৱাহাটী : কাৰাবন্দী কৃষক নেতা তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মাতৃক সাক্ষাৎ কৰাৰ অনুমতি পালে। মাতৃক সাক্ষাৎ কৰিবলৈ যোৰহাটলৈ যোৱাৰ অনুমতি লাভ কৰিলে অখিল গগৈয়ে। নিয়াৰ বিশেষ আদালতে অখিল গগৈক মাতৃক সাক্ষাৎ কৰাৰ বাবে যোৰহাটলৈ যোৱাৰ বাবে অনুমতি প্ৰদান কৰিছে।

মাতৃক সাক্ষাৎ কৰাৰ বাবে অখিল গগৈক দুদিনৰ বাবে যোৰহাটলৈ যোৱাৰ বাবে নিয়াৰ বিশেষ আদালতৰ অনুমতি দিছে। কৃষক নেতা তথা শিৱসাগৰৰ বিধায়ক গৰাকীয়ে মাতৃক সাক্ষাৎ কৰাৰ বাবে আদালতৰ পৰা অনুমতি বিচাৰিছিল। অৱশ্যে শিৱসাগৰ সমষ্টিৰ বিধায়ক গৰাকীক তেওঁ নিৰ্বাচিত হৈ অহা শিৱসাগৰ সমষ্টিলৈ যোৱাৰ বাবে আদালতে অনুমতি প্ৰদান নকৰিলে।

আৰু পঢ়কঃ জামুগুৰিহাটত পুনৰ দুখন গাঁওক কন্টেইনমেন জ’ন ঘোষণা

যোৰহাটত মাতৃক সাক্ষাৎ কৰিবলৈ অখিল গগৈক আৰক্ষীৰ এছক’ৰ্টসহ যোৱাৰ অনুমতি দিছে নিয়াৰ আদালতে। উল্লেখ্য যে দীর্ঘদিন ধৰি কাৰাবন্দী হৈ থকা অখিল গগৈ চাবুৱা থানাৰ গোচৰত ইতিমধ্যে জিমন লাভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply