গুৱাহাটীঃ প্ৰধান মন্ত্ৰী মোডীৰ কাৰ্যকালত সৰ্বসাধাৰণ ৰাইজৰ মূৰত ৰাম  টাঙোন শুধাই ভাৰতৰ অৰ্থনীতি ব্যাপক ভাৱে পুঁজিপতি অৰ্থনীতিলৈ গতি কৰিছে । দেশৰ অৰ্থনীতিক প্ৰধানমন্ত্ৰীয়ে একমাত্ৰ তেওঁৰ অতি বিস্বস্ত পুঁজিপতিক সন্তুষ্ট কৰিবৰ বাবেই দৰিদ্ৰ বিৰোধী কাৰ্য্যত লিপ্ত হৈছে বুলি সাংসদ ৰিপুন বৰাই সংবাদমেলত উল্লেখ কৰে।

বিমুদ্রাকৰণত দেশৰ অৰ্থনীতি বিধস্ত হোৱাৰ পাছত আৰু ২০২০ চনৰ পৰা হোৱা ক’ৰণা মহামাৰীৰ প্ৰকোপত আৰু দীর্ঘদিনীয়া “LOCK DOWN” ৰ ফলত লাখ লাখ মানুহ কৰ্মচ্যুত হ’ল,বহু উদ্যোগ বন্ধ হ’ল,বহুতৰ ব্যৱসায় -বাণিজ্য প্ৰায় বন্ধ হোৱাৰ উপক্ৰম হ’ল, সকলো মানুহৰ উপাৰ্জন আৰু ক্ৰয় ক্ষমতা  ব্যাপকভাৱে হ্ৰাস হ’ল,কিন্ত তাৰ মাজতো প্ৰধানমন্ত্ৰী মোডীৰ অনুগ্ৰহত কেইজনমান পুঁজিপতিৰ উপাৰ্জন সাংঘাটিকভাৱে বৃদ্ধি পালে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অত্যাধিক পুঁজিপতিৰ প্ৰীতিৰ ফলত বিধস্ত হোৱা  ভাৰতৰ অৰ্থনীতি পুনৰ উদ্ধাৰৰ বাবে  কংগ্ৰেছ দলে দাবী জনায়-

 সৰ্বসাধাৰণৰ ৰাইজৰ ওপৰত উপৰ্যুপৰি বৃদ্ধি কৰা কৰ (GST) প্ৰত্যাহাৰ কৰাৰ দাবী কংগ্ৰেছৰ।
পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত এনেদৰে অতিৰিক্ত কৰ আৰোপ কৰা হৈছে যে ২০২০-২১ চনৰ প্ৰথম ৬ মাহত  এই বৃদ্ধিৰ পৰিমাণ ৩৩% —- যিটো ক’ভিদ মহামাৰীৰ আগৰ তুলনাত ৭৯%ৰ অধিক। চৰকাৰে অতি শীঘ্ৰে সকলো  পে’ট্ৰলজাত সমগ্রীৰ  ওপৰত অতিৰিক্ত ভাৱে আৰোপ কৰা কৰ প্ৰত্যাহাৰ কৰিব লাগে। 

লগতে পঢ়কঃনিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত সোমাল তীব্ৰ বেগী ট্ৰেভেলাৰ

পুঁজিপতি বিলাকৰ ওপৰত আৰোপ কৰা কৰ  কৰ্পোৰেট Tax(Corporate Tax) ৩৩%পৰা  ২২%লৈ হ্ৰাস কৰি মোডী চৰকাৰে প্রতিবছৰে ১.৫লাখ কোটি টকা যি ৰাজহ ক্ষতি কৰিছে তাক পূৰণ  কৰিবৰ বাবে Corprate Tax হ্ৰাস কৰা প্ৰক্ৰিয়া প্ৰত্যাহাৰ  কৰিব লাগে।

পুঁজিপতি সকলৰ ওপৰত পূৰ্বতে বলবৎ থকা Wealth Tax মোডী চৰকাৰে প্ৰত্যাহাৰ কৰিছিল। ইয়াক পুনৰ বলবৎত কৰিব লাগে।

ৰাষ্ট্ৰীয় নুন্যতম মজুৰি  (National Minimum Wage) বৰ্তমানৰ ১৭৮টকাৰ পৰা, মূল্যমানৰ লগত সংগতি ৰাখি বৃদ্ধি কৰি  শ্ৰমিক সকলৰ উপাৰ্জন বৃদ্ধি কৰিব লাগে।

সকলো বিলাক অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত আৰোপ কৰা GST সৰলিকৰণ কৰিব লাগে। ব্যাপক ভাৱে কৰ্মসংস্থাপন সৃষ্টি কৰি নিবনুৱা সমস্যা লাঘৱ কৰিব লাগে।

লগতে ক’ৰণা মহামাৰীৰত  ক্ষতিগ্ৰস্ত সকলো ব্যৱসায়ী  শ্ৰমিক, আৰু কৃষকক উপযুক্ত ক্ষতি পূৰণ দি তেওঁ লোকৰ ভাগি পৰা অৰ্থনীতি পুনৰুদ্ধাৰৰ  ব্যৱস্থা কৰিব লাগে বুলি কংগ্ৰেছ দলে চৰকাৰলৈ আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply