চন্দ্ৰপুৰ : ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে চন্দ্ৰপুৰত অব্যাহত আছে ধাৰাবাহিক প্ৰতিবাদ। চন্দ্ৰপুৰবাসীৰ প্ৰতিবাদৰ মাজতে গুৱাহাটী পৌৰ নিগম আৰু জিলা প্ৰশাসনে আকোঁৰগোজ হৈ অব্যাহত ৰাখিছে চন্দ্ৰপুৰত গুৱাহাটীৰ আৱৰ্জনা পেলোৱা কাৰ্য। প্ৰতিবাদৰ ধাৰা অব্যাহত ৰাখি বুধবাৰেও চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপন বিৰোধিতাৰে ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চৰ উদ্যোগত চন্দ্ৰপুৰৰ জ্যেষ্ঠ নাগৰিক সকলে ৰাতিপুৱা ১১ বজাৰ পৰা অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

জ্যেষ্ঠ নাগৰিক সকলৰ প্ৰতিবাদী কাৰ্যসূচী চলি থকাৰ মাজতে প্ৰাক্তন মন্ত্ৰী অকণ বৰা প্ৰতিবাদস্থলীত উপস্থিত হৈ ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতা কৰে। প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে অংশগ্ৰহণ কৰি কয় যে প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ চন্দ্ৰপুৰত চৰকাৰে যি ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিব বিচাৰিছে সেয়া জনস্বাস্থ্যৰ বাবে ক্ষতিকাৰক। গতিকে চৰকাৰক এই সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰিবলৈ আহ্বান জনায় প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে। প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে সমাগত অসম বিধানসভা অধিবেশনত কংগ্ৰেছ দলৰ ফলৰ পৰা ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিষয়টো উত্থাপন কৰিব বুলি উল্লেখ কৰি দিছপুৰ সমষ্টিৰ বৰ্তমানৰ বিধায়কজনক তীব্ৰ সমালোচনা কৰে।

লগতে পঢ়ক : আজি অসম কেবিনেটে ল’লে কি কি সিদ্ধান্ত

ইফালে আকৌ চন্দ্ৰপুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত চন্দ্ৰপুৰ ব্লক কংগ্ৰেছ কাৰ্যালয়ৰ বাকৰিত বুধবাৰে পুৱা ৯ বজাৰ পৰা ২ বজালৈ অনশন কাৰ্যসূচী ৰূপায়ন কৰি চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপন বিৰোধিতা কৰে। চন্দ্ৰপুৰ ব্লক কংগ্ৰেছ সমিতিয়ে একে মুখে চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ চৰকাৰৰ সিদ্ধান্তক ধিক্কাৰ জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply