নিউজ ডেস্ক : বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি অসমক, মেঘালয়, অৰুণাচল প্ৰদেশকে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনত শুকুৰবাৰে প্ৰবল বৃষ্টিপাত অহাৰ সম্ভাৱনা আছে।

শনিবাৰ আৰু দেওবাৰৰ দিনকেইটাতো অসমকে ধৰি উত্তৰ-পূবৰ কোনো কোনো অঞ্চলত কম বেছি পৰিমাণে বৰষুণ হ’ব পাৰে।

বতৰবিজ্ঞান বিভাগৰ মতে শুকুৰবাৰৰ পৰা দেওবাৰলৈকে অসম, অৰুণাচল প্ৰদেশ, মেঘালয়তৰ বিভিন্ন স্থানত বিজুলী-​ঢেৰেকণিৰে বৰষুণ পৰিব যদিও সোমবাৰৰ পৰা বতৰ অলপমান ফৰকাল হোৱাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক : অধীক্ষক অবিহনে চলি আছে বঙাইগাঁও অসামৰিক চিকিৎসালয়, চিকিৎসকৰ নাটনি

এই সময়ছোৱাত অঞ্চলটোৰ লোকসকলক বতৰবিজ্ঞান বিভাগৰ ফালৰ পৰা সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে।

উল্লেখযোগ্য যে এইবাৰ বাৰিষাৰ কালছোৱাত অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্য কেইখনত গড় হিচাপতকৈ কম বৰষুণ পৰিছে বুলি বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply