নিউজ ডেস্ক: ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বাৰিষাৰ বানে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ । ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানত ককবকাইছে বানাক্ৰান্ত লোকসকলে। ইয়াৰ মাজতে ১৪ জুলাইৰ নিশা ১২ বজাৰ পৰা ভূটানে কুৰিশ্ব বান্ধৰ পানী এৰি দিছে। ইয়াৰ মাজতে নামনি অসমত সীমান্তৱৰ্তী ৰাষ্ট্ৰ ভূটানৰ পৰা নামি অহা ধলে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।
বৃহস্পতিবাৰে ভূটান চৰকাৰে এই কথা জনাইছে অসম চৰকাৰক । লগতে এই কথা খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে কুৰিশ্ব’ৰ পানী খুলি দিয়াৰ কথা সদৰি কৰিছে।

কুৰিশ্ব’ জলবিদ্যুৎ প্ৰকল্পৰ জলাশয়ৰ পানী আজি এৰাৰ কথা ১৩ জুলাইৰ দিনা ঘোষণা কৰে । বান্ধটো পৰিচালনাৰ দায়িত্বত থকা ভূটানৰ ড্ৰক গ্ৰীণ পাৱাৰ কৰ্প’ৰেশ্যন লিমিটেডে ঘোষণা কৰিছিল এই কথা। ডুক গ্ৰীণ পাৱাৰ কৰ্প’ৰেশ্যন লিমিটেডে প্ৰকাশ কৰা তথ্য অনুসৰি ভ্ৰুক গ্ৰীণ পাৱাৰ কৰ্পৰেশ্যনে ১৪ জুলাইৰ পুৱা জলাশয়টোত জমা হৈ থকা পানী নিয়ন্ত্ৰিতভাৱে মুকলি কৰিছে। শুকুৰবাৰৰ পুৱা ৯:০০ ঘণ্টাৰ ভিতৰত পানী এৰি দিয়া কাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত যোৱা নিশা টুইটযোগে কয়, ‘ৰয়েল ভূটান চৰকাৰে আমাক জনাইছে যে আজি ৰাতি কুৰিচু বান্ধৰ পৰা অতিৰিক্ত পানী এৰি দিয়া হ’ব । আমি আমাৰ জিলা প্ৰশাসনক সতৰ্ক হৈ থাকিবলৈ আৰু পানীয়ে বেকী আৰু মানস নদীত ধল আনিলে জনসাধাৰণক সকলো ধৰণেৰে সহায় কৰিবলৈ সতৰ্ক কৰি দিছো”।
উল্লেখ্য যে ভূটানৰ পাদদেশত থকা অসমৰ বৰপেটা, বঙাইগাঁও আৰু নলবাৰী জিলাত এই কুৰিশ্ব বান্ধৰ পানী যথেষ্ট প্ৰভাৱ পেলাব ।
লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোডীক ফ্ৰান্সৰ সব্বোৰ্চ সন্মান প্ৰদান