নিউজ ডেস্কঃ এইবাৰৰ ‘মিছ ইউনিভাৰ্ছ২০২০’ৰ মুকুট শিৰত পৰিধান কৰিলে মিছ মেক্সিকো এণ্ড্ৰিয়া মেজাই।

প্ৰতিযোগিতাখনত প্ৰথম ৰাণাৰ্ছ আপ ব্ৰাজিলৰ জুলিয়া গামায়ে, দ্বিতীয় ৰাণাৰ্ছ আপ পেৰুৰ  জেনিক মেচেটাই, তৃতীয় ৰাণাৰ্ছ আপ ভাৰতৰ এডলিন কাষ্টেলিনোয়ে আৰু চতুৰ্থ ৰাণাৰ্ছ আপৰ খিতাপ অৰ্জন কৰিলে ডমিনিকান ৰিপাব্লিকৰ কিম্বাৰলি পেৰেজয়ে।

৬৯সংখ্যাক ”মিছ ইউনিভাৰ্ছ” সৌন্দৰ্য প্ৰতিযোগিতাখনত ৭৪খন দেশে অংশগ্ৰহণ কৰিছিল। ফ্লৰিডাৰ হাৰ্ড ৰক হোটেল আৰু কেচিনোত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল।

এডলিন কাষ্টেলিনোয়ে ভাৰতক প্ৰতিনিধিত্ব কৰি প্ৰথম চাৰিটা স্থানৰ ভিতৰত স্থান লাভ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে।

প্ৰাক্তন মিছ ইউনিভাৰ্ছ জাজিবিনি টাঞ্জিয়ে বিজয়ী এণ্ড্ৰিয়া মেজাৰ শিৰত ”মিছ ইউনিভাৰ্ছ”ৰ মুকুটটো পিন্ধাই দিয়ে।

২৬ বছৰীয়া এণ্ড্ৰিয়া মেজা এগৰাকী ছফটৱেৰ ইঞ্জিনীয়াৰ।

আৰু পঢ়কঃভাৰতৰ উপকূলীয় অঞ্চলত টাউক্টেৰ সংহাৰী ৰূপ; ৮ জনকৈ লোকৰ প্ৰাণহানি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply