নিউজ ডেস্ক: দেশৰ আন ৰাজ্যৰ মুখ্য মন্ত্ৰীসকলক বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত লাচিত বৰফুকনৰ ওপৰত পাঠ অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

বৃহস্পতিবাৰে মুখ্য মন্ত্ৰীয়ে জানিবলৈ দিয়া মতে আন ৰাজ্যসমূহৰ বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্য্যায়ৰ পাঠ্যপুথিত যাতে লাচিত বৰফুকনৰ ওপৰত অধ্যায় সন্নৱিষ্টি কৰা হয় তাৰ আহ্বান জনাই তেওঁ ৰাজ্যৰ মুখ্য মন্ত্ৰীসকললৈ পত্ৰ প্ৰেৰণ কৰিছে।

অসম চৰকাৰে বীৰ আহোম সেনাপতি গৰাকীৰ ৪০০ বছৰীয়া জন্ম শতবাৰ্ষিকি উপলক্ষে গ্ৰহণ কৰা এলানী পদক্ষেপৰ এইয়া এক অংশ বুলি তেওঁ জানিবলৈ দিয়ে।

পত্ৰখনত মুখ্য মন্ত্ৰীয়ে উল্লেখ কৰিছে যে দেশপ্ৰেমৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰাৰ পিছতো লাচিত বৰফুকনক আজিও দেশৰ বহু কম সংখ্যক মানুহেহে চিনি পায়।  

আন ৰাজ্যসমূহৰ পাঠ্যক্ৰমত লাচিত বৰফুকনৰ বিষয়ে পাঠ সন্নিৱিষ্ট কৰিলে ই যুৱচামৰ মনত দেশপ্ৰেম আৰু দেশসেৱাৰ মনোভাৱ জগাই তোলাত অৰিহণা যোগাব বুলি মুখ্য মন্ত্ৰী কয়।

লগতে পঢ়ক – Azadi ka Amrit Mahotsav: ৫০ বছৰ উৰ্ধৰ অভিযুক্তক কাৰাগাৰৰ পৰা মুকলি কৰি দিব চৰকাৰে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply