মৰাণ: চাহ বাগিচা অঞ্চলত শৈক্ষিক পৰিৱেশ আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যৰে ১১৯ খন চাহ বাগিচাত মডেল হাইস্কুল নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিছে চৰকাৰে । ইয়াৰ বিপৰীতে চাহ বাগিছা এলেকাত থকা বিদ্যালয় সমূহ বন্ধৰ দিশে গতি কৰিছে। ১৯৯৬ চনতে স্থাপিত চেপন চাহ বাগিচা মধ্য ইংৰাজী বিদ্যালয় খন এতিয়া বন্ধৰ দিশে গতি কৰিছে।
ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পাঠদান কৰি অহা বিদ্যালয় খনৰ গাতে চেপন চাহ বাগিচাত আটক ধুনীয়াকৈ আদৰ্শ হাই স্কুলৰ নিৰ্মাণ কাৰ্য্য সম্পুৰ্ণ হৈ উঠিছে । এই আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য্য সম্পুৰ্ণ হৈ উঠা পাছতে এতিয়া বন্ধ হোৱাৰ উপক্ৰম হৈছে ১৯৯৬ চনতে স্থাপন হোৱাৰ চেপন চাহ বাগিচ মধ্য ইংৰাজী বিদ্যালয় খন ।
কিয়নো যোৱা ছাবিশটা বছৰে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে বিনা বেতনেৰে শিক্ষা দান কৰি আহিছিল যদিও এতিয়া চৰকাৰে বিদ্যালয়ৰ খনৰ ভূমিতে মডেল হাইস্কুল নিৰ্মাণ সম্পূৰ্ণ কৰি তোলাত মধ্য ইংৰাজী বিদ্যালয় খন গুৰুত্বহীন হৈ পৰা লগতে তাত কৰ্মৰত ৫ গৰাকী শিক্ষক শিক্ষয়িত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰা সম্ভাৱনা অধিক হৈ পৰিছে ।

শুকুৰবাৰে বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হোৱা পৰিচালনা সমিতিৰ এটি গুৰুত্বপুৰ্ণ সভাত শিক্ষা বিভাগক বিষটো বিবেচনা কৰি চোৱাৰ দাবী জনালে শিক্ষক আৰু অভিভাৱকক সকলে । এতিয়াৰ শিক্ষা বিভাগে কেনে দৰে ব্যৱস্থাৰ গ্ৰহণ কৰিব নে এই শিক্ষক সকলৰ অবস্থা পানীত হাঁহ নচৰাৰ দৰে হয় সময়ত পোহৰলৈ আহিব।