অসমৰ পাট-মুগা এইবাৰ জিলিকিল বিশ্বৰ অন্যতম সৰ্বশ্ৰেষ্ঠ ফেশ্বন উইকত।ৰাজ্যৰ খ্যাতিসম্পন্ন ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই বিশ্ব দৰবাৰলৈ আগুৱাই নিলে অসমৰ গৌৰব।


শনিবাৰে পাটৰ মেখেলা-চাদৰ পিন্ধি ৰেম্পত খোজ দিলে বিদেশী মডেলে। মানহাটনত অনুষ্ঠিত নিউয়ৰ্ক ফেশ্বন উইকত জিলিকিল পাট-মুগাৰ কাপোৰ।

অসমৰ শিপিনী বৈ উলিওৱা কাপোৰেৰে প্ৰস্তুত কৰা হয় আকৰ্ষণীয় গ্ৰাউন দ্ৰেপ স্কাৰ্ট, প্ৰাচ্য-পাশ্চাত্যৰ সংমিশ্ৰণৰ লেহেংগাই দৃষ্টি আকৰ্ষণ কৰিলে।


নিউয়ৰ্ক ফেশ্বন উইক ২০২২ত অসম কন্যা সংযুক্তা দত্তৰ মূল বিষয়-বস্তু হৈছে ‘আলফুল’ শীৰ্ষক ডিজাইন। কেইবাগৰাকী মডেলে ৰেম্পত খোজ কাঢ়িলে মেখেলা-চাদৰ পিন্ধি।

লগতে পঢ়ক- অৱশেষত নগা উগ্ৰপন্থী সংগঠনে ভাৰত-ম্যানমাৰ সীমান্তত মুকলি কৰি দিলে হীৰেন কোঁচক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply