নিউজ ডেস্কঃ জনতা ভৱনত বৃহস্পতিবাৰে সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মন্ত্ৰী অতুল বৰাই এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত মেঘালয়, অৰুণাচল প্ৰদেশ, মিজোৰাম আদি চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে চলি থকা সীমা সম্বন্ধীয় বিভিন্ন বিষয় আলোচনা কৰা হয়।

লগতে, ৰাজ্যখনৰ সীমান্তৱৰ্তী জিলাসমূহত থকা সীমান্ত আৰক্ষী চকীসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিভাগে লোৱা পদক্ষেপৰ কাৰ্যকৰীকৰণৰ শেহতীয়া অগ্ৰগতিৰ বিষয়েও বুজ লয়। বিভাগৰ বাজেট ব্যয়ৰ দিশসমূহো বৈঠকত পৰ্যালোচনা কৰে মন্ত্ৰী বৰাই।

বৈঠকত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ প্ৰধান সচিব জি ডি ত্ৰিপাঠী, সচিব প্ৰবীৰ কাকতি, সঞ্চালিকা শুভলক্ষ্মী ডেকা, যুটীয়া সচিব বিবেক শ্যাম, বিভাগৰ পৰামৰ্শদাতা দশৰথ ডেকা প্ৰমুখ্যে অন্যান্য বিষয়াসকল উপস্থিত থাকে।

লগতে পঢ়ক – মহাৰাষ্ট্ৰৰ পৰা বিলাহী ক্ৰয়ৰ নিৰ্দেশ গ্ৰাহক পৰিক্ৰমা বিভাগৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply