ফাইল ফটো
ফাইল ফটো

নিউজ ডেস্কঃ ভাৰতীয় ক্ৰিকেটজগতৰ প্ৰসিদ্ধ ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰক হস্পিতালত ভৰ্তি কৰা হৈছে। কিছুদিন পূৰ্বে কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল প্ৰাক্তন ক্ৰিকেটাৰ গৰাকী।

শুকুৰবাৰে শচীন তেণ্ডুলকাৰৰ স্বাস্থ্যৰ অৱনতি ঘটাত হস্পিতালত ভৰ্তি কৰা হয়।

উল্লেখ্য যে, যোৱা ২৭ মাৰ্চত ক্ৰিকেটাৰগৰাকীৰ দেহত কোৰোনাৰ সংক্ৰমণ ধৰা পৰাৰ পিছত ঘৰতে কোৱাৰেন্টাইনত আছিল যদিও শেহতীয়াকৈ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে ভৰ্তি কৰা হৈছে।

এই সন্দৰ্ভত টুইটাৰযোগে নিজে সদৰি কৰিছে শচীন তেণ্ডুলকাৰে।

তেওঁ টুইটটোত লিখিছে ,” চিকিৎসকৰ পৰামৰ্শত মই হস্পিতালত ভৰ্তি হৈছো। অতি সোনকালেই সুস্থ হৈ ঘৰলৈ উভতিম। আপোনালোক সকলোৱে মোৰ আৰোগ্য কামনা কৰি প্ৰাৰ্থনা কৰিছে তাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।”

লগতে তেণ্ডুলকাৰে বিশ্বকাপ ১১’ ৰ বৰ্ষপুৰ্তিৰ বাবে সকলো ভাৰতীয় আৰু ক্ৰিকেটাৰ সকলক শুভকামনা জনায়।

শেহতীয়াকৈ তেণ্ডুলকাৰে ইণ্ডিয়া লিজেণ্ডছ ৰোড চেফটি টি-২০ ছিৰিজত অংশগ্ৰহণ কৰিছিল। ইয়াৰ পাছতেই ক্ৰিকেটাৰগৰাকীৰ দেহত কৰোণাৰ সংক্ৰমণ ধৰা পৰে।

খেলখনত অংশগ্ৰহণ কৰা ইৰফান পাঠান, ইউছুফ পাঠান আৰু এছ বদ্ৰীনাথৰ দেহতো কৰোণাৰ সংক্ৰমণ ধৰা পৰে। বৰ্তমান তেওঁলোক হোম কোৱাৰান্টাইনত আছে।

আৰু পঢ়কঃ ক’ৰোনাত আক্ৰান্ত হ’ল শচীন তেন্ডুলকাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply