নিউজ ডেস্ক : ভাৰতত প্ৰথম দেখা দিয়া ক’ভিড-১৯ৰ ডেল্টা ভেৰিয়েণ্টক ভাইৰাছটোৰ আটাইতকৈ বেছি সংক্ৰামক ভেৰিয়েণ্ট হিচাপে চিনাক্ত কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মূৰব্বী গৰাকীয়ে এই শুকুৰবাৰে এই কথা সদৰী কৰে।

দুখীয়া দেশসমূহত দেখা দিয়া ভেকচিনৰ নাটনিৰ বাবেই এনে হোৱা বুলি তেওঁ জনায়।

বিশ্ব স্বাস্থ্য সংস্থাৰ মূৰব্বী গৰাকীয়ে ধনী দেশসমূহে উন্নয়নশীল দেশসমূহক ভেকচিন দিবলৈ অমান্তি হোৱা কাৰ্য্যৰ সমালোচনা কৰে।

লগতে পঢ়ক : ৰাজ্যত শুকুৰবাৰে ২৬ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু; আক্ৰান্ত ২,৭৯৩ জন

উল্লেখযোগ্য যে দুখীয়া দেশসমূহলৈ ভেকচিনৰ যোগানৰ বাবে ৰাষ্ট্ৰসংঘৰ উদ্যোগত ক’ভেক্স নামৰ এক প্ৰচেষ্টা হাতত লোৱা হৈছিল কিন্তু এই প্ৰচেষ্টা এতিয়ালৈকে বিশেষ ফলপ্ৰসু হৈ উঠা নাই আৰু এই বছৰৰ শেষলৈকে ভেকচিনৰ যোগান ধৰাৰ আশা যথেষ্ট ক্ষীণ।

বৃটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ আদি দেশে কোটিৰ ঘৰত ক’ভিড ভেকচিনৰ পালি যোগান ধৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও সোনকালে এইয়া বাস্তৱায়িত হৈ উঠাৰ আশা নাই।

বিশ্ব স্বাস্থ্য সংস্থাৰ টেকনিকেল লীড মাৰিয়া ভন কেৰখোভৰ মতে বৰ্তমান বিশ্বৰ পৰিস্থিতি অত্যন্ত স্পৰ্শকাতৰ হৈ আছে। ডেল্টা ভেৰিয়েণ্টৰ আৰু ক্ৰমবিকাশ ঘটিব বুলি তেওঁ লগতে কয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply