গুৱাহাটী : মহানগৰী আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ আন এক সাফল্য। মহানগৰী গুৱাহাটীত পুনৰ জব্দ হৈছে ড্ৰাগছ। গড়চুক আৰক্ষীয়ে ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

ৰাজ্যজুৰি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। প্ৰতিদিনে আৰক্ষীয়ে জব্দ কৰিছে ড্ৰাগছ। মহানগৰীৰ গড়চুক আৰক্ষীও ড্ৰাগছ বিৰোধী অভিযান চলাই লাভ কৰিছে কেইবাটাও বৃহৎ সাফল্য।

গড়চুক আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই পুনৰ এক সাফল্য লাভ কৰিছে। নিশা মহানগৰীৰ কটাহবাৰী অঞ্চলত অভিযান চলাই গড়চুক আৰক্ষীয়ে ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক – পুত্ৰৰ লাঠিৰ কোৱত প্ৰাণ গ’ল পিতৃৰ

গড়চুক আৰক্ষীয়ে খেদি খেদি পাপু গিৰি নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰে ৪ পেকেট ড্ৰাগছ। পাপু গিৰি নামৰ বিহাৰৰ লোকজন গুৱাহাটীত ভাড়া ঘৰত থাকি ড্ৰাগছৰ সৰবৰাহ চলাই আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply