নিউজ ডেস্ক: আজিৰ পৰা ৰাজ্যত হ্ৰাস পাব পাৰে পেট্ৰল আৰু ডিজেলৰ মুল্য । তেল বিপণন কোম্পানীবোৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰাৰ সম্ভাৱনা আছে । চৰকাৰী সূত্ৰৰ মতে কোম্পানীবোৰে তেওঁলোকৰ লোকচান প্ৰায় পুনৰুদ্ধাৰ কৰিছে আৰু তেওঁলোকৰ ব্যৱসায় স্বাভাৱিক হোৱাৰ দিশে। ইয়াৰ ফলস্বৰূপে, কোম্পানীবোৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰাৰ আশা কৰা হৈছে ।

আজি অসমৰ ভিন্ন প্ৰান্তত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বুধবাৰতকৈ পৰিৱৰ্তন হোৱা দেখা গৈছে। কোনো কোনো জিলাত ইয়াৰ মূল্য কিছু পৰিমাণে হ্ৰাস পাইছে যদিও বহুতো ঠাইত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।

জানিব পৰা মতে তেল উৎপাদন কোম্পানীবোৰৰ তিনিমাহৰ ফলাফল ভাল লগতে পৰৱৰ্তী তিনিমাহৰ ফলাফলো ভাল হোৱাৰ আশা আছে। যিহেতু তেওঁলোকৰ আৰু পুনৰুদ্ধাৰৰ প্ৰয়োজন নাই সেয়েহে কোম্পানীবোৰে ডিজেল আৰু পেট্ৰ’লৰ মূল্য হ্ৰাস কৰিব বুলি আশা কৰা হৈছে ।

আন্তৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য যিমান হয় তাৰ ওপৰত ভিত্তি কৰি দেশসমূহত ইয়াৰ মূল্য নিৰ্ধাৰণ কৰা হয়। খাৰুৱা তেলৰ মূল্যৰ পৰিৱৰ্তনৰ ফলত অসমতো তেলৰ মূল্যত বৃহৎ পৰিৱৰ্তন হোৱা দেখা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply