নিউজ ডেস্কঃ চাংসাৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈ এইমছ গুৱাহাটী মুকলি কৰে। অসমীয়াতেই ৰঙালী বিহুৰ শুভেচ্ছা জনাই আৰু মা কামাখ্যৰ ভূমিৰ পৰা সকলোকে প্ৰণাম জনাই।

প্ৰধানমন্ত্ৰী গৰাকীয়ে এইমছ মুকলি কৰাৰ লগতে একেখন মঞ্চৰ পৰা অসমৰ তিনিখন মেডিকেল কলেজ আৰু ১ কোটি ৩০ লাখ লোকৰ বাবে আয়ুষ্মান ভাৰত অসম কাৰ্ড মুকলি কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰি কয় যে, আজি পৰা উত্তৰ-পূব ভাৰত স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক নতুন শক্তি পাইছে। আজি উত্তৰ-পূৰ্বে প্ৰথমটো AIIMS পাইছে আৰু অসমে তিনিখন নতুনকৈ মেডিকেল কলেজ লাভ কৰিছে।

লগতে মোদীয়ে কয়, চৰকাৰে IIT গুৱাহাটীৰ লগতে মিলি অধুনিক গৱেষণাৰ বাবে ৫০০ গছ-গছনিযুক্ত চুপাৰ স্পেচিয়েলিটি হস্পিটেলৰো আধাৰশিলা স্থাপন কৰা হৈছে আৰু অসমৰ লাখ লাখ লোকৰলৈ আয়ুষ্মান কাৰ্ড পোৱাৰ বাবে মিছন মোডত আৰম্ভ হৈছে।

যোৱা তিনিটা বছৰত উত্তৰ-পূবৰ সংযোগৰ বাবে বহু চৰ্চা হৈছে। আজি যিয়ে উত্তৰ-পূবৰলৈ আহে তেতিয়াৰ ইয়াৰ ৰাস্তা, ৰে’ল, বিমানবন্দৰ লগত জড়িত কামবোৰ দেখি প্ৰশংসা নকৰাৰৈ থাকিব নোৱাৰে বুলি মোদীয়ে কয়।

উত্তৰ-পূব আৰু এটা আন্তঃ গাঁথনিৰ বাবে বহু তীব্ৰতাৰে কাম হৈ আছে। সেইয়া হৈছে সমাজিক আন্তঃ গাথঁনি। ইয়াত শিক্ষা, স্বাস্থ্যৰ সুবিধাবোৰ যি বিস্তাৰ হৈছে সেইয়া সচাঁকৈ অভূতপূৰ্ব, মোদীয়ে কয়।

ইফালে মোদীয়ে বিৰোধীক তীব্ৰ সমালোচনা কৰি কয় যে, আজি কালি নতুন বেমাৰ এটা দেখিবলৈ পোৱা গৈছে। মই যেতিয়া দেশৰ যিকোনো ঠাইত যাওঁ আৰু তাত গৈ যোৱা ৯ টা বছৰ হোৱা বিকাশৰ কথা চৰ্চা কৰোঁ তেতিয়া বহু লোকৰ সমস্যা হৈ পৰে। এইটো নতুন বেমাৰ হয়।

উল্লেখযোগ্য যে, আজি প্ৰধানমন্ত্ৰী গৰাকীয়ে কেবাটাও কাৰ্যসূচীত ভাগ ল’ব। ইয়াৰ পিছতেই তেওঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি সন্ধিয়া ৫ বজাত প্ৰধানমন্ত্ৰীয়ে এক ৰাজহুৱা অনুষ্ঠানত সভাপতিত্ব কৰিবলৈ উপস্থিত হ’ব গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত।

তাতেই তেওঁ দহ সহস্ৰাধিক বিহুৱা-বিহুৱতীয়ে প্ৰদৰ্শন কৰিবলগীয়া বিহু নৃত্যৰ মনোৰম কাৰ্যসূচী উপভোগ কৰিব। এই কাৰ্যসূচীৰ সময়তে প্ৰধানমন্ত্ৰীয়ে নামৰূপত ৫০০ টিপিডি মেন্থল প্ৰকল্প মুকলি কৰিব।

প্ৰধানমন্ত্ৰীয়ে একে স্থানৰ পৰাই পলাশবাৰী আৰু শুৱালকুছি সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলঙৰ আধাৰশিলা স্থাপন; ৰংঘৰ আৰু শিৱসাগৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে আধাৰশিলা স্থাপন; আৰু দেশলৈ বুলি পাঁচটা ৰে’ল প্ৰকল্পকে ধৰি বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু সেইবোৰ দেশলৈ বুলি উৎসৰ্গা কৰিব।

লগতে পঢ়ক – ৰোজগাৰ মেলাৰ জৰিয়তে ৭১,০০০ বিভিন্ন চৰকাৰী বিভাগত নিযুক্তি পত্ৰ বিতৰণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply