নিউজ ডেস্ক: দোহাত অনুষ্ঠিত হৈ থকা ডায়মণ্ডত লীগত শ্ৰেষ্ঠত্বৰ প্ৰদৰ্শন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা তাৰকা খেলুৱৈ গৰাকীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম স্থান লাভ কৰাৰ বাবে নীৰজ চোপ্ৰাক অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটযোগে অভিনন্দন জনাই লিখিছে ,

বছৰৰ প্ৰথম ইভেণ্ট আৰু প্ৰথম স্থান!

৮৮.৬৭ মিটাৰ ৱৰ্ল্ড লিড থ্ৰ’ৰে নীৰজ চোপ্ৰা দোহা ডাইমণ্ড লীগত জিলিকি উঠিছে। তেওঁক অভিনন্দন! আগন্তুক প্ৰচেষ্টাৰ বাবে শুভেচ্ছা।”

দ্বিতীয়বাৰ বাবে ডায়মণ্ডত লীগত সোণৰ পদক অৰ্জন নীৰজ চোপ্ৰাৰ,

পুনৰ ইতিহাস ৰচনা কৰিলে অলিম্পিকৰ গ’ল্ডেন বয় নীৰজ চোপ্ৰাই। দোহাত অনুষ্ঠিত হৈ থকা ডায়মণ্ডত লীগত শ্ৰেষ্ঠত্বৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ভাৰতীয় তাৰকা খেলুৱৈ গৰাকীয়ে। দ্বিতীয়বাৰৰ বাবে একেটা লীগতেই দুবাৰকৈ সোণৰ পদক আজুৰি আনিছে নীৰজ চোপ্ৰাই।

প্ৰথম প্ৰচেষ্টাতেই ৮৮.৬৭ মিটাৰ দূৰত দলিয়াই সকলোকে পৰাস্ত কৰিবলৈ সক্ষম হয় গ’ল্ডেন বয়ে। উক্ত খেলখনত নীৰজৰ পিছত টকিঅ’ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী জেকব ৱাডলজচে দ্বিতীয় স্থান দখল কৰে। ইফালে, এণ্ডাৰছনে পিটাৰ্ছে ইভেণ্টটোত তৃতীয় স্থান থমকিব লগা হয়। আগলৈ পঢ়ক…..

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply