নিউজ ডেস্ক: আজি তেজপুৰত অনুষ্ঠিত ৯ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰি যোগান বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ৰঞ্জিত দাসে মূল্যবৃদ্ধি আৰু স্মাৰ্ট মিটাৰ সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰিছে । তেওঁ কয় যে মূল্যবৃদ্ধি হৈছে যদিও সেয়া অস্বাভাৱিক নহয়। মূল্যবৃদ্ধিক লৈ দেশৰ প্ৰধানমন্ত্ৰীকে ধৰি মুখ্যমন্ত্ৰী লগতে তেওঁ নিজে উদ্বিগ্ন ।

লগতে তেওঁ কয় দেশৰ আন ৰাজ্যৰ তুলনাত ডিজেলৰ মূল্য অসমত কম । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ তুলনাত প্ৰধানমন্ত্ৰী মোডীয়ে অৰ্থনীতি চম্ভালিবলৈ সক্ষম হোৱা বুলি দাবী কৰে৷

স্মাৰ্ট মিটাৰক লৈ মন্ত্ৰী ৰঞ্জিত দাসে মন্তব্য কৰি কয় যদিও এই বিষয়টো তেওঁৰ বিভাগ নহয় তথাপিও স্মাৰ্ট মিটাৰ সন্দৰ্ভত আগন্তুক দিনত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব পূৰ্বৰ মান্ধাতা-যুগৰ মিটাৰতকৈ স্মাৰ্ট মিটাৰে শুদ্ধ ৰিডিং দিয়াৰ ফলত দুপইচা বিল বেছিকৈ আহিছে যদিও তেওঁৰ ঘৰত বিদ্যুতৰ বিল কমকৈ অহা বুলিহে দাবী কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply