বকো : ৰাজ্যত সংঘটিত হৈছে এক প্ৰচণ্ড মাৰপিটৰ ঘটনা। দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। দুই ফৈদৰ মাজত হোৱা প্ৰচণ্ড মাৰপিটৰ ঘটনাত ৩ জন লোক নিহত হোৱাৰ লগতে আহত হৈছে ২২ জনকৈ লোক।

কামৰূপ জিলাৰ বকোত এক ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। দুটা ফৈদৰ মাৰপিটত থিতাতে ৩ জন লোক নিহত হৈছে। ঘটনাত গুৰুত্বৰভাৱে আহত হৈছে ২২ জনকৈ লোক। ভূমি কেন্দ্ৰিক সংঘাতৰ ফলত এই মাৰপিটৰ ঘটনা।

বকোৰ সোণতলিত সংঘটিত হোৱা এই মাৰপিটৰ ঘটনাত নুৰ মহম্মদ, আলী আকব আৰু নুৰুল হক নামৰ তিনিজন লোকৰ মৃত্যু হৈছে। ইয়াৰে নুৰ মহম্মদ, আলী আকব ঘটনাস্থলীতে মৃত্যু হোৱাৰ পৰিবৰ্তে নুৰুল হকৰ মৃত্যু হয় চিকিৎসালয়ত।

লগতে পঢ়ক – দৰিদ্ৰতাক নেওচি উজ্বলিল উত্তৰ জামুগুৰিৰ কৃষ্ণমণি,কৰণ আৰু অংকিতা

ভূমি কেন্দ্ৰিক সংঘাতৰ ফলত প্ৰথমে দুটা পক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ইয়াৰ পিছতে কাজিয়াই মাৰপিটৰ ৰূপ ধাৰণ কৰে। আহত ২২ জনৰ ভিতৰত কেইবাজন লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply