যোৰহাট: নিমাতীঘাট নাও দুৰ্ঘটনাৰে জড়িতৰ অভিযোগত আজি ৩জনক আটক কৰিছে।
মা কমলা ফেৰীৰ ৩জনক আটক কৰিছে মাজুলীৰ কমলাবাৰী থানাৰ আৰক্ষীয়ে।
যোৰহাট আৰক্ষীৰ নিৰ্দেশত এই লোক কেইজনক গ্ৰেপ্তাৰ কৰে ।
আটক কৰা লোক কেইজন ক্ৰমে-বিপুল বৰা কালেক্টৰ, নাওখনৰ গুৰিয়াল প্ৰশান্ত পামেগাম, ড্ৰাইভাৰ উৎপল দত্ত। যোৰহাট আৰক্ষীক চমজাই দিয়া হ’ব আটক কৰা লোক তিনিজনক।
” মা কমলা ” নামৰ নাওখনৰ গৰাকী পানীৰাম কলিতাৰ পুত্ৰ গৌতম কলিতাকো আটক কৰিছে আৰক্ষীয়ে।
ইয়াৰ পূৰ্বে কালিৰ দিনটোত আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ ৬ কৰ্মচাৰীক সোধাপোচাৰ বাবে আটক কৰিছে যোৰহাট আৰক্ষীয়ে । যোৰহাট আৰক্ষীৰ ভাৰতীয় দন্ডবিধি আইনৰ ৩০৪ ধাৰাত ১৯৩৩/২১ নং গোচৰৰ ভিত্তিত আটক কৰা কৰ্মচাৰী কেইজন হ’ল নাৱৰ গুৰিয়াল ধনবৰ দাস, সহায়কাৰী যোগেন দত্ত, খালাচী বিজু দাস, বিনোদ বৰুৱা, মাষ্টাৰৰোল কৰ্মচাৰী জয়ন্ত দত্ত আৰু বাবুল চন্দ্ৰ নেওগ ।
ঘটনাৰ পিছদিনাই তিনিজনকৈ বিষয়াক নিলম্বিত কৰিছিল । নিমাতীঘাটত কোটি টকা ব্যয়ত অনা ৰ’পেক্স জাহাজ খন বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলে নাৱৰ মালিক সকলৰ সৈতে গোপন বুজাবুজি কৰি যোৱা সময়চোৱাত পেলাই থোৱাৰ পিছত কালিৰে পৰা অফলাঘাটলৈ চলাচল কৰিছে । আশ্চয্যজনক ভাবে নিমাতীঘাট আৰু অফলাঘাটৰ দায়িত্বত থকা জুনিয়ৰ ইঞ্জিনিয়াৰ ৰাতুল ভৰালীৰ বাহিৰে কোনো এজন লোকেই ৰ’পেক্স নাও খন চলোৱাৰ বাবে উপযুক্ত নহয় । গুৱাহাটীৰ পৰা যি কেইজনক ৰ’পেক্স চলোৱাৰ বাবে যোৰহাটলৈ পঠিওৱা হৈছিল সেই কেইজনে নিলম্বিত ৰাতুল ভৰালীক লগত লৈহে ৰ’পেক্স খন চলাবলৈ সক্ষম হয় ।
লগতে পঢ়ক ছিংগাপুৰত ৰাজহুৱা স্থানত ৰবট মোতায়েন ,নিৰীক্ষণ কৰিব কভিড প্ৰটকল, অসামাজিক আচৰণ