সোমবাৰে ৰাজস্থানৰ বিকানেৰ জিলাৰ পঞ্চুৰত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। কেতিয়াবা ঘৰুৱা জন্তুবোৰো হিংসাত্মক হৈ পৰে আৰু সেই জন্তুবোৰে নিজৰ মালিকক অপকাৰ কৰাও দেখিবলৈ পোৱা যায়।

প্ৰাপ্ত বাতৰি অনুসৰি,  এটা পোহনীয়া উটে প্ৰথমে তাৰ মালিকক দাঁতেৰে কামুৰিছিল আৰু তেওঁক তললৈ পেলাই দি তাৰ পিছত ভৰিৰে গছকিছিল। তাৰ পিছত উটটোৱে আঘাতপ্ৰাপ্ত গৰাকীৰ ওপৰত বহি দিছিল। ফলত উটৰ গৰাকীৰ মৃত্যু হৈছিল।

আৰক্ষীৰ তথ্য অনুসৰি, পঞ্চু নিবাসী মোহনৰাম নায়কৰ এই দুৰ্ঘটনাত মৃত্যু হয়। সোমবাৰে সন্ধিয়া প্ৰায় ৫ বজাত মোহনৰাম তেওঁৰ পথাৰত আছিল। উটটোক তেওঁ এডাল গছত বান্ধি থৈছিল। সেই সময়তে আন এটা উট সেই ঠাইলৈ আহিছিল। আনটো উটক দেখি মোহনৰামৰ উটটোৱে ৰছী চিঙি উটটোৰ পিছে পিছে দৌৰে। মোহনৰামে তেওঁৰ উটটো ধৰিবলৈ পিছে পিছে দৌৰিছিল। কিন্তু তেওঁৰ উটটোক ধৰিবলৈ লওঁতে উটটোৰ খং উঠে আৰু খঙত উটটোৱে মোহনৰামক প্ৰথমে দাঁতেৰে কামোৰে। মোহনৰামে পলাবলৈ চেষ্টা কৰোতেই উটটোৱে মোহনৰামক তললৈ পেলাই দি ভৰিৰে গছকিছিল। ঘটনাটোৰ কিছু সময়ৰ পিছতে মোহনৰামৰ মৃত্যু হয়।

ঘটনাটোৰ বিষয়ে স্থানীয় লোক সকলে গম পোৱাৰ পিছত উটটোক প্ৰহাৰ কৰি কৰি হত্যা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply