ডিফু: কাৰ্বি আংলং আৰক্ষীয়ে মঙলবাৰে জিলাখনত এক অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰইন জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত ৫ কোটি টকাতকৈ অধিক হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে এক গোপন সূত্ৰৰ পম খেদি বোকাজান আৰক্ষী থানাৰ এটা দলে অভিযান চলাই লাহৰিজান অঞ্চলত হেৰইনখিনি এখন বাহনৰ পৰা উক্ত হেৰইনখিনি জব্দ কৰিবলৈ সক্ষম হয়।

হেৰইনখিনিৰ সৈতে আৰক্ষীয়ে তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে বুলি জানিবলৈ দিয়ে।

আৰক্ষীৰ মতে মঙলবাৰে ডিমাপুৰৰ দিশৰ পৰা আহি থকা এখন বাহনত উক্ত ড্ৰাগছখিনি লুকুৱাই অনা হৈছিল। ৫৫ টা চাবোনৰ বাকচত ভৰাই অনা হেৰইনখিনিৰ ওজন ৭১১.০৬ গ্ৰাম বুলি আৰক্ষীয়ে জনায়।

‘হেৰইনসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে, উদ্ধাৰ কৰা হেৰইনখিনিৰ মূল্য আন্তঃৰাষ্ট্ৰীয় চোৰাং বজাৰত ৫ কোটি টকাতকৈ অধিক হ’ব,’ আৰক্ষীয়ে কয়।

হেৰইনখিনিৰ উপৰি ধৃত লোককেইজনৰ পৰা ২ মোবাইল ফোন আৰু নগদ ২৬,০০০ টকা জব্দ কৰা হয় বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক – মহানগৰীত শতকৰ ঘৰ অতিক্ৰম কৰিলে পেট্ৰ’লৰ মূল্যই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply