নিউজ ডেস্ক : কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি বিদ্ৰোহী সংগঠনৰ প্ৰতিনিধিসকলৰ উপস্থিতিত আজি নতুন দিল্লীত ‘ত্ৰিপাক্ষিক কাৰ্বি শান্তি চুক্তি’ত স্বাক্ষৰ কৰা হয়।

চুক্তি স্বাক্ষৰ কৰি গৃহ মন্ত্ৰী অমিত শ্বাহে কয়, ‘ঐতিহাসিক কাৰ্বি চুক্তিৰ স্বাক্ষৰ হ’ল। কেইবা দশক জোৰা এই সমস্যাক সমাধান কৰি অসমৰ ভূখণ্ডৰ অখণ্ডতাক বজাই ৰাখিবলৈ মোদী চৰকাৰ যে বদ্ধপৰিকৰ সেই কথাক ই প্ৰমাণ কৰিলে।’

মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি চুক্তি স্বাক্ষৰ হোৱাটো অসমৰ বাবে এক ঐতিহাসিক দিন বুলি আখ্যা দিয়ে।

অনুষ্ঠানত প্ৰাক্তন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাং ৰংহাঙো উপস্থিত থাকে।

এই চুক্তি স্বাক্ষৰ হোৱাৰ ফলত কাৰ্বি আংলং আংলঙত জনজাতি সকলৰ বাবে আসন সংৰক্ষিত হোৱাৰ লগতে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ আসনৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি কৰা হ’ব।

ইয়াৰ উপৰি এই চুক্তি অধীনত কাৰ্বি আংলঙৰ বিকাশৰ বাবে ১০০০ কোটি টকাৰ অৰ্থনৈতিক পেকেজ ঘোষণা কৰা হৈছে।

লগতে পঢ়ক : জনসাধাৰণক সেৱা আগবঢ়াবলৈহে নিয়োজিত হৈ আছে প্ৰতিগৰাকী চিকিৎসক-চিকিৎসাকৰ্মী : কেশৱ মহন্ত        

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply