বোকাখাত, উত্তম কুমাৰ শৰ্মা : সোমবাৰে বোকাখাত মহকুমা প্ৰশাসনে মহকুমাটোৰ অন্তৰ্গত হোটেল, ৰিজৰ্ট, ধাবা আদিকে ধৰি সকলো ৰাজহুৱা আৰু ব্যক্তিগত উদ্যোগৰ মালিকসকলৰ উদ্দেশ্যে ক’ভিড সংক্ৰান্তীয় কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰে।

১. মালিকসকলে তেওঁলোকৰ সংশ্লিষ্ট ব্যৱসায় প্ৰতিষ্ঠানত ক’ভিড-১৯ৰ দুয়োপালি প্ৰতিষেধক লোৱা লোকেহে যাতে প্ৰৱেশ কৰে সেয়া সুনিশ্চিত কৰিব লাগিব।
২. সংশ্লিষ্ট ব্যৱসায় প্ৰতিষ্ঠানসমূহত মাক্স পৰিধান কৰা আৰু ক’ভিড নীতি-নিয়মসমূহ পালন কৰাতো হ’ব বাধ্যতামূলক।
৩. ব্যৱসায় প্ৰতিষ্ঠানৰ মালিকসকলে গ্ৰাহকৰ মাজত নূন্যতম ৬ ফুট দূৰত্ব নিশ্চিত কৰিব লাগিব আৰু একে সময়তে প্ৰতিষ্ঠানৰ ভিতৰত ৫ জনতকৈ অধিক লোকক প্ৰৱেশৰ অনুমতি দিব নোৱাৰিব। ইয়াৰ উপৰি ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ মালিকসকলে তেওঁলোকৰ প্ৰতিষ্ঠানসমূহত চেনিটাইজাৰ আৰু হেণ্ড ৱাছ ৰাখিব লাগিব।
আনহাতে কোনো ব্যক্তি তথা প্ৰতিষ্ঠানে এই নিৰ্দেশনাসমূহ পালন নকৰিলে সেই ব্যক্তি/ প্ৰতিষ্ঠানৰ ওপৰত বিহিত ব্যবস্থা গ্ৰহণ কৰিব বোকাখাত মহকুমা প্ৰশাসনে।
লগতে পঢ়ক – যুগান্তকাৰী! প্ৰথমবাৰৰ বাবে সফলতাৰে মানৱ দেহত গাহৰিৰ হৎপিণ্ড সংৰোপন