চাবুৱাঃ অসমীয়া মাধ্যমত পঢ়া-শুনা কৰা ছাত্ৰ-ছাত্ৰীয়ে অসমৰ আৰু ভাৰতৰ বাহিৰত সুবিধা পাবলৈ টান বুলি এটা ধাৰণা বদ্ধমূল হৈ পৰিছে। কিন্তু অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীয়েও যে বিদেশত প্ৰেৰণাদায়ক সুখ্যাতি লাভ কৰিব পাৰে তাৰ উদাহৰণ ডঃ বুদ্ধ ডেকা বৰুৱা।

শিৱসাগৰ জিলাৰ ডিমৌত জন্মগ্ৰহণ কৰা ডঃ বুদ্ধ ডেকা বৰুৱাই স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল অসমীয়া মাধ্যমৰ এখন অপ্ৰাদেশিকৃত বিদ্যালয়ত। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ কটন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ পৰা স্নাতকোত্তৰ আৰু ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বেংগালুৰুৰ (IISc) পৰা পিএইচডি ডিগ্ৰী লাভ কৰে। ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত অধ্যয়ন কৰি থকাৰ সময়তে তেওঁ নিউটন ইণ্টাৰনেশ্বনেল ফেল’শ্বিপ লাভ কৰি বিশ্বৰ সন্মানীয় কেমব্ৰিজ বিশ্ববিদ্যালয়ত প’ষ্ট ডক্টৰেল ফেল’ হিচাপে যোগদান কৰে।

যোৱা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত তেওঁ University College London ত Energy Storage বিভাগৰ সহকাৰী অধ্যাপক হিচাপে যোগদান কৰিছে।

লগতে পঢ়কঃগোৰেশ্বৰত ড্ৰাগছৰ ভয়াবহতা ৰোধ কৰাৰ উদ্দেশ্যে বাটৰ নাট প্ৰদৰ্শন

উল্লেখযোগ্য যে, QS World University Ranking (2022) মতে বিশ্বৰ অষ্টম শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ সন্মান লাভ কৰা UCL ত অধ্যয়ন কৰা শিক্ষাৰ্থীসকলৰ পৰা ৩০ জনে ন’ৱেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

তেখেতেৰ যাত্ৰা পৰিক্ৰমা অৱগত কৰাৰ উদ্দেশ্যে বুধবাৰে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ৰ তৰফে অনলাইন যোগে কথোপকথনৰ ব্যৱস্থা কৰা হৈছিল। প্ৰবক্তা স্বৰাজ ফুকনে আঁত ধৰা অনুষ্ঠানটোত শতাধিক প্ৰশিক্ষাৰ্থীয়ে যোগদান কৰে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰবক্তা ৰঞ্জন বৰাই অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে। ইয়াৰে পাছতে ডঃ বুদ্ধ ডেকা বৰুৱাৰ সৈতে প্ৰশিক্ষাৰ্থীসকলৰ আকৰ্ষণীয় আৰু প্ৰেৰণাদায়ক প্ৰশ্নোত্তৰ শিতান আৰম্ভ হয়। দুঘণ্টা জুৰি অনুষ্ঠিত হোৱা অনুষ্ঠানৰ শেষত শলাগ আগবঢ়ায় প্ৰবক্তা অজয় ভট্টাচাৰ্যই।

লগতে পঢ়কঃগোলাঘাটৰ কমাৰগাঁৱত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত কৃষকৰ প্ৰশিক্ষণ কাৰ্য্যসূচী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply